নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মা কামাখ্যাৰ আশীৰ্বাদ লৈ শপতগ্ৰহণৰ বাবে সাজু ড০ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক, ১২ মে’ : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে শপতগ্ৰহণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে শক্তিপীঠ মা কামাখ্যা ধাম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে ড০ শৰ্মাই ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত লিখিছে- ‘‘মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদে প্ৰতিগৰাকী অসমবাসীৰ জীৱন আলোকিত কৰক আৰু শান্তি, প্ৰগতি, সমৃদ্ধিৰ নতুন বাট মুকলি কৰক। তেওঁলোকৰ আশীৰ্বাদেৰে অসমে অনাগত দিনত উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰক ।’

ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শপতগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ বাকৰিত বিশাল আয়োজন কৰা হৈছে৷ এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

You might also like