আৰম্ভ হ’ল অসম সাহিত্য সভাৰ নাৰায়নপুৰ অধিৱেশন
- উদুলি মুদুলি নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰ
- অসমৰ ১০০ খন বিপিনীয়ে গ্ৰন্থমেলাৰ সৌস্তভ বৃদ্ধি
- নামঘৰ নিৰ্মাণ আন এক নিদৰ্শন
নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান অৰ্থাৎ বাৰবৈষ্ণৱৰ জন্ম ভূমি ৰুপে খ্যাত ঐতিহাসিক নাৰায়নপুৰৰ মাজমজিয়াত অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিত্বম অধিবেশন অতি উলহ মালহেৰে আৰম্ভ হৈছে ।লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰত আজিৰে পৰা ৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ পুৰ্ণাঙ্গ অধিৱেশন ৷অসম সাহিত্য সভাৰ নাৰায়নপুৰ অধিৱেশনত সাহিত্য প্ৰেমী সকলৰ লগতে ছাত্ৰছাত্ৰী সকলৰ বাবেও বিভিন্ন অনুষ্ঠান ৰখা পৰিলক্ষিত হৈছে ৷ বিজ্ঞান মেলা ,শিল্পকলা ,ডিজিটেল সাহিত্য সন্মিলন ,বুৰঞ্জী সন্মিলন আদি অনুষ্ঠানৰ জৰিয়তে ছাত্ৰছাত্ৰী সকলক অধিক মনোগ্ৰাহী কৰি তুলিব বুলি আশা কৰা হৈছে৷লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰত আজি উখল মাখল পৰিৱেশ।আজি পুৱা মণিকাঞ্চন ক্ষেত্ৰৰ নামঘৰ উদ্বোধন,বন্তি প্ৰজ্বলন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদ্দন দেৱগোশ্বামীয়ে ,বন্তি প্ৰজ্বলন কৰে বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱ গোশ্বামীয়ে। পুৱা ৯বজাত মেডাম -মে-ফি অনুষ্ঠাণৰ পাছতে মুখ্য আদৰণী দ্বাৰ (মণিকাঞ্চ ক্ষেত্ৰ) উদঘাটন কৰে শিক্ষাবিদ গিৰিশ চন্দ্ৰ ভূঞা।মণিকাঞ্চন ক্ষেত্ৰৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অস্থায়ী কাৰ্যালয়ৰ দ্বাৰ উদঘাটন কৰে মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপত অধ্যাপক ভূধৰ ফুকনে। দুপৰীয়া ১বজাত গ্ৰন্থমেলা উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। গ্ৰন্থ কিনক,কিতাপ কিনক,গ্ৰন্থ পঢ়ক মুল মন্ত্ৰৰে উদভাষিত হয় গ্ৰন্থপ্ৰেমী সাহিত্য সভাৰ শুভকাংখ্যী সকল। মনিকাঞ্চন ক্ষেত্ৰত বনিজ্য মেলাৰ দ্বাৰ উদঘাটন কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই। আনহাতে মনিকাঞ্চন ক্ষেত্ৰত প্ৰদৰ্শনী দ্বাৰ উদঘাটন কৰে কাৰ্যবাহী সঞ্চালক(এইচ আৰ এ)অইল ইণ্ডিয়া লিমিটেড,দুলিয়াজানৰ প্ৰশান্ত বৰকাকতীয়ে।বিজ্ঞান মেলাৰ দ্বাৰ উদঘাটন কৰে ধেমাজী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক নেওগে।শিল্প কলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰে কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ শৰ্ম্মাই।আদৰণী সমিতিৰ সভাপতি ড° অমিয়া কুমাৰ ভূঞাই অসম সাহিত্য সভাৰ অষ্টম পুৰ্ণাঙ্গ কাৰ্যনিবাহক সভাখনি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদ্বোধন কৰাৰ পিছতেই বদলা সত্ৰৰ সমীপৰ তোৰণ উদঘাটন কৰিব মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন্দ্ৰ নাথ শৰ্ম্মায়ে।দিনৰ ২বজাত প্ৰতিনিধি সভা উদ্বোধন কৰে লখিমপুৰ জিলা উপায়ুক্ত সুমি চট্টাৱনে।
নাৰায়ণপুৰ মনিকাঞ্চন ক্ষেত্ৰৰ পৰা মুকুল ভূঞা