নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰুপেটীয়াত জব্দ এক ট্রাক অবৈধ অৰুণাচলী সুৰা

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে বুধবাৰে এক ট্রাক অবৈধ অৰুণাচলী সুৰা জব্দ কৰে৷ উক্ত সুৰাখিনি ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পথত আৰক্ষীয়ে ১৫ নং ৰাষ্ট্রীয় পথত জব্দ কৰে৷ আৰক্ষীয়ে জব্দ কৰাৰ পূর্বে উক্ত বৃহৎ পৰিমাণৰ সুৰাখিনিক লৈ দৰঙৰ আবকাৰী বিভাগৰ এজন বিষয়াৰ কর্মকাণ্ডক লৈ ৰাইজৰ মাজত চর্চা চলিছে৷ কৰ ফাঁকি দি বিহাৰৰ মোজাফৰপুৰ অভিমুখে যাত্রা কৰা ডব্লিউ বি ২৫ জে ৩৩৩১ নম্বৰৰ ড্রাক এখনেৰে কঢ়িয়াই নিয়া বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা আৰক্ষীয়ে জব্দ কৰে৷

বিশেষ সূত্র মতে, দিনৰ প্রায় ১২ বজাত বুঢ়ীগাঁৱৰ ১৫ নং ৰাষ্ট্রীয় পথৰ দাঁতিৰ এখন ধাবাৰ কাষত দৰং জিলাৰ আবকাৰী বিভাগৰ এজন বিষয়াই প্রথমে সুৰাভর্তি ড্রাকখন জব্দ কৰে৷ অভিযোগ মতে, আবকাৰী বিষয়াজনে ড্রাকখনৰ কেবিনত বহি বহু সময় আলোচনা কৰে৷ দুঘণ্টাৰ পিছতো আলোচনা সমাপ্ত নোহোৱাত স্থানীয় কেইজনমান লোকে আবকাৰী বিষয়াজনক সুৰাভর্তি ড্রাকখন তাৰ পৰা আঁতৰাই নিবলৈ কয়৷ পিছত বিষয়াজনৰ নির্দেশত প্রায় ২ মান বজাত ড্রাকখনে মঙলদৈ অভিমুখে ৰাওনা হয়৷ কোনোবাই এই বিষয়ে খাৰুপেটীয়া থানাত খবৰ দিয়াত আৰক্ষীৰ দল এটাই ট্রাকখনৰ পিছ লয় আৰু খাৰুপেটীয়াৰ পৰা কিছু দূৰৈত ট্রাকখন জব্দ কৰি থানালৈ আনে৷ ট্রাকখনত পাঁচ লক্ষাধিক টকাৰ আনুমানিক ৪০০ কার্টন সুৰা থকাৰ সন্দেহ কৰা হৈছে৷ ট্রাকৰ চালক বিহাৰৰ ৰাজু শ্বাহক আটক কৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে৷

ইফালে, ১২ বজাতে আবকাৰী বিষয়াজনে সুৰাৰ ট্রাকখন জব্দ কৰিছিল যদিও দিনৰ দুই বজালৈ আৰক্ষী বা নিজৰ বিভাগ কাকো চমজাই নিদিয়াক লৈ অনেকে ৰহস্যৰ সৃষ্টি হৈছে৷

উল্লেখ্য, মাত্র কেইদিনমান পূর্বে মঙলদৈৰ পৰা নিৰুদ্দেশ হোৱা সুৰাভর্তি ট্রাক এখন আজিলৈ সন্ধানহীন হৈ আছে৷

You might also like