ভাসমান ধূলিকণাৰ কবলত বিপজ্জনক পৰিৱেশ গুৱাহাটীত : কাহ–জ্বৰ–চর্দিৰ আশংকা
বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ প্রদূষণৰ কবলত পৰি থকা গুৱাহাটী মহানগৰীত বুধবাৰৰ দিনটোত ধূলিকণাই আৱৰি ৰাখিলে সমগ্র বায়ুমণ্ডল৷ একপ্রকাৰ চকুৰে মণিব নোৱাৰা হৈ পৰিল বাট–পথ, ঘৰ–দুৱাৰ৷ কেমিকেল সংমিশ্রণৰ এই বায়ুৱে গুৱাহাটীবাসীৰ উশাহ বন্ধ কৰি দিয়াৰ উপক্রম ঘটালে৷ সেউজীয়া চহৰৰূপে চিনাকি দি অহা গুৱাহাটীত প্রথমবাৰৰ বাবে সৃষ্টি হোৱা এনে পৰিৱেশক লৈ চিন্তাত পৰিছে মহানগৰবাসী৷ ভয়াৱহ বায়ু প্রদূষণৰ কবলত পৰিছে গুৱাহাটী মহানগৰী৷ বৰষুণৰ অভাৱত একপ্রকাৰ শুকাই যোৱা ৰাজধানী চহৰখনত এতিয়া সৃষ্টি হৈছে ধূলিৰ ধুমুহা৷ দিল্লীতকৈও বিপজ্জনক হোৱাৰ দিশে আগবাঢ়িছে মহানগৰ৷ যোৱা ২৪ ঘণ্টাত গুৱাহাটীৰ বায়ুমণ্ডলত বৃদ্ধি পাইছে বায়ুমান সূচক (একিউআই)৷ আই আই টি গুৱাহাটীৰ তথ্য অনুসৰি আজি দিনৰ ভাগত একিউআই ৩৫০তকৈও অধিক বৃদ্ধি পোৱাৰ বিপৰীতে বিয়লি ৪ বজালৈ হৈছিলগৈ ২৮৯৷ এনেদৰে বৃদ্ধি পোৱা এ কিউ আয়ে মানৱ স্বাস্থ্যৰ বাবে নমাই আনিছে ভয়ংকৰ বতৰা৷ বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰি দিয়াতকৈ ১০গুণ বাঢ়িছে বায়ু মান সূচাংক৷ তথ্য অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটীৰ বায়ুমণ্ডলৰ একিউআই ৪০০ৰ ওপৰত গ’লেই বিপজ্জনক সীমা অতিক্রম কৰিব৷ ১ ফেব্রুৱাৰীৰ দিনা গুৱাহাটীত বায়ুৰ মান সূচাংক আছিল ২৬৮৷ ৩ ফেব্রুৱাৰীত ২৬৪, ৪ ফেব্রুৱাৰীত ২৯৭, ৫ ফেব্রুৱাৰীত ৩০৪, ৬ ফেব্রুৱাৰীত ৩৩৯ আৰু আজি অর্থাৎ বুধবাৰে দিনৰ ভাগত ৩৫০লৈ বৃদ্ধি পায় বায়ুৰ মান সূচাংক৷ পৰিতাপৰ বিষয় যে গুৱাহাটীত হঠাৎ বৃদ্ধি পোৱা এনে বায়ু প্রদূষণে চকু, ছাল, হাঁওফাঁওৰ ৰোগ বৃদ্ধি কৰাৰ সম্ভাৱনা স্পষ্ট কৰি তুলিছে৷ ইতিমধ্যে এনে প্রদূষণৰ বাবে কণ কণ শিশুৰ লগতে বহু প্রাপ্তবয়স্ক লোকেও কাহ–চর্দি–জ্বৰ আদি ৰোগত ভুগিছে৷ চিকিৎসকসকলে ইয়াৰ বাবে প্রতিজন লোককে মাস্ক পৰিধানৰ বাবে আহ্বান জনাইছে৷ অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি গুৱাহাটীত বিগত বর্ষৰ জানুৱাৰী মাহত একিউআই আছিল ১৩৪ আৰু ফেব্রুৱাৰীত আছিল ১৩০৷ এয়া মধ্যমীয়া হিচাপেই চিনাক্ত কৰা হৈছিল যদিও এনে প্রদূষণৰ ফলতো হাঁওফাঁও, হূদৰোগত বহু লোক আক্রান্ত হোৱাৰ উপৰিও শিশু আৰু প্রাপ্তবয়স্ক বহু লোকে শ্বাস–প্রশ্বাসৰ অসুবিধাত ভুগিছিল৷ গুৱাহাটীত এনেদৰে বায়ু প্রদূষণ বৃদ্ধি হোৱাৰ সময়তে আন এক উদ্বেগজনক খবৰে গুৱাহাটীবাসীক চিন্তান্বিত কৰি তুলিছে৷ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি গুৱাহাটীত অহা ৫ জুনলৈ বৰষুণ নহয়৷ ইয়াৰ বিপৰীতে হ’ব অত্যধিক ধূলিময় পৰিৱেশ৷ বৃদ্ধি হ’ব পাৰে গৰমৰ মাত্রা৷ অৱশ্যে উজনি অসমত আৰু অৰুণাচলত কিছু পাতলীয়া বৰষুণ হ’ব পাৰে৷ বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি পাতলীয়া বতাহ অহাৰ ক্ষেত্রত সৃষ্টি হোৱা বাধাৰ বাবেই গুৱাহাটী তথা ৰাজ্যৰ বিভিন্ন প্রান্তত বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ঠাণ্ডাৰ এই সময়ছোৱাত পূব দিশৰ পৰা অহা বতাহ যথেষ্ট দুর্বল হৈছে৷ যাৰ বাবে এই বতাহে বৰষুণ কঢ়িয়াই আনিব পৰা নাই৷ অহা সময়ছোৱাতো প্রদূষণৰ বাবে বৰষুণৰ সম্ভাৱনা নিচেই কম৷ চলিত মাহত স্বাভাৱিকভাৱে ৩.১ মিলিমিটাৰ বৰষুণ আহিব লাগে যদিও এনে বৰষুণ নোহোৱাৰ সম্ভাৱনাক স্পষ্ট কৰিছে বতৰ বিজ্ঞান কেন্দ্রই৷ ইফালে, ধূলিময় পৰিৱেশে গুৱাহাটীৰ বায়ুমণ্ডল ঢ়াকি ৰখাৰ ফলত বৰঝাৰস্থিত বিমানবন্দৰতো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ধূলিময় পৰিৱেশৰ বাবে গুৱাহাটীলৈ অহা ৩–৪খন বিমান অৱতৰণৰ ক্ষেত্রত সন্ধিয়াৰ ভাগত যথেষ্ট সমস্যাৰ সৃষ্টি হয়৷