ড্রাগ্ছ সৰবৰাহত নামিল অধিবক্তা: নিজৰ বিলাসী বাহনত ৫,৩৬০টা নিচাজাতীয় টেবলেট লৈ আৰক্ষীৰ জালত অধিবক্তা
- নগাঁৱত ড্রাগ্ছসহ গ্রেপ্তাৰ অধিবক্তা মুনমুন হক
- নিজৰ বিলাসী বাহনত ৫,৩৬০টা নিচাজাতীয় টেবলেট–১৯০ কফছিৰাপ লৈ গ্রাহকৰ সন্ধানত থকা অৱস্থাতে আৰক্ষীৰ জালত
নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: নগাঁৱত ড্রাগ্ছৰ ব্যৱসায়ত নামিল অধিবক্তা৷ ড্রাগ্ছৰ ব্যৱসায়ত এগৰাকী অধিবক্তা জড়িত হোৱা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্রতিক্রিয়াৰো সৃষ্টি কৰিছে৷ আজি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা আৰু মৰিকলং আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বিয়লি এক গোপন সূত্রৰ পম খেদি মৰিকলঙত ড্রাগ্ছসহ দুজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্রেপ্তাৰ কৰা দুজনৰ ভিতৰত এজন অধিবক্তা আছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা অধিবক্তাজন হ’ল মুনমুন হক৷ আনজন হৈছে ইফতিকাৰ হুছেইন৷ এ এছ–২৫ ডি চি– ২৩৫৮ নম্বৰৰ চাৰিচকীয়া বিলাসী বাহনত ধৃত লোক দুজনে ড্রাগ্ছ সৰবৰাহৰ কাৰণে গৈ থকা অৱস্থাত নগাঁৱৰ আৰক্ষীয়ে অভিযান চলাই অধিবক্তাসহ দুয়োকে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অধিবক্তাগৰাকীয়ে নিজৰ বাহনখনত বৰঘাট বাইপাছৰ পৰা নগাঁও চহৰত ড্রাগ্ছ সৰবৰাহৰ বাবে আহি থকা অৱস্থাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে অধিবক্তাৰ পোছাক পৰিধান কৰিয়েই মুনমুন হকে ড্রাগ্ছ সৰবৰাহৰ চেষ্টা চলাইছিল৷ আৰক্ষীয়ে জব্দ কৰা অধিবক্তাগৰাকীৰ বাহনত বুজন পৰিমাণৰ ড্রাগ্ছ উদ্ধাৰ হোৱা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে৷ আৰক্ষীয়ে বাহনখনৰ পৰা ৫,৩৬০টা নিচাজাতীয় টেবলেট আৰু ১৯০ কফছিৰাপ উদ্ধাৰ কৰিছে৷ আইন সেৱাৰ লগত জডিত এগৰাকী অধিবক্তা ড্রাগ্ছ ব্যৱসায়ৰ লগত জডিত হোৱা ঘটনাই সচেতন লোকক চিন্তিত কৰি তুলিছে৷ জানিব পৰা মতে অধিবক্তাগৰাকী দীর্ঘদিন ধৰি এই ব্যৱসায়ৰ লগত জডিত হৈ আছে৷ তেওঁৰ বিৰুদ্ধে এনে ধৰণৰ বিভিন্ন অভিযোগ পূর্বতেও আছিল৷ নগাঁৱৰ এই অধিবক্তাগৰাকীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষী প্রশাসনক সচেতন মহলে দাবী জনোৱাৰ লগতে অধিবক্তাগৰাকীৰ কার্যক সকলোৱে ধিক্কাৰ দিছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা মুনমুন হক আৰু ইফতিকাৰ হুছেইনৰ ঘৰ নগাঁও চহৰৰ চীনাপট্টিত বুলি জানিব পৰা গৈছে৷