ওড়িশাত মর্মান্তিক ঘটনা: ৮০ কিঃমিঃ পত্নীৰ মৃতদেহ কান্ধত লৈ উভতিল স্বামী
নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: হাস্পতালত চিকিৎসকে হাত দাঙি দিছিল৷ উপায়হীন হৈ ওড়িশাৰ কোৰাপুটৰ লোক এজনে অসুস্থ পত্নীক ঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লয়৷ হাস্পতালৰ পৰা অটোত পত্নীক ঘৰলৈ লৈ গৈছিল ৩৫ বছৰীয়া ছামুলু পাংগীয়ে৷ কিন্তু কিছুদূৰ যোৱাৰ পাছতে অটোৰ ভিতৰতে তেওঁৰ পত্নীৰ মৃত্যু হয়৷ মহিলাগৰাকীৰ মৃত্যুৰ পিছতে অটোচালকে ছামুলুক পত্নীৰ মৃতদেহ নমাই লৈ আন ব্যৱস্থা কৰিবলৈ কয়৷ উপায়হীন হৈ ছামুলুৱে পত্নীৰ মৃতদেহ কান্ধত লৈ ৮০ কিলোমিটাৰ পথ খোজকাঢ়ি গাঁৱৰ ঘৰলৈ যায়৷ পত্নীক চিকিৎসাৰ বাবে সমীপৱর্তী অন্ধ্রপ্রদেশৰ বিশাখাপট্টনমৰ এখন হাস্পতাললৈ লৈ গৈছিল ছামুলুৱে৷ হাস্পতালখনত কেইদিনমান চিকিৎসা কৰাৰ পাছত ছামুলুক চিকিৎসকে জনাই দিয়ে যে তেওঁৰ পত্নীৰ সকলো চিকিৎসা শেষ হৈছে৷ অর্থাৎ ছামুলুৰ পত্নী আৰোগ্য হোৱাৰ সম্ভাৱনা নাই৷ গতিকে চিকিৎসকে পত্নীক ঘৰলৈ লৈ যোৱাৰ পৰামর্শ দিয়ে ছামুলুক৷ হাস্পতালৰ পৰা ঘৰৰ দূৰত্ব ১০০ কিলোমিটাৰ৷ গতিকে এখন অটো ভাৰাত লৈ পত্নীক ঘৰলৈ লৈ যোৱাৰ সিদ্ধান্ত লয় ছামুলুৱে৷ কিন্তু প্রায় ২০ কিলোমিটাৰ পথ যোৱাৰ পিছতে পত্নীৰ মৃত্যু হয়৷ অটোচালকৰ অমানৱীয় আৰু কঠোৰ স্থিতিৰ বাবে খোজকাঢ়ি পত্নীৰ মৃতদেহ কান্ধত লৈ যাবলগীয়া হয় ছামুলুৱে৷