নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচবুকত আলফাৰ সপক্ষে ষ্টেটাছ দিয়া বৰ্ষাশ্ৰীক পুনৰ ২৮ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হোৱা নিৰ্দেশ

 
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰী: পুনৰ চৰ্চালৈ আহিছে যোৰহাট জিলাৰ টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰী গৰাকী। উল্লেখযোগ্য যে আলফা( স্বাধীন)ৰ সাপেক্ষে ২০২২ চনৰ ১৮ মে’ত সামাজিক মাধ্যমত এটা ষ্টেটাছ দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ দুমাহৰো অধিক সময় গোলাঘাটৰ কাৰাগাৰত বন্দী হৈ থাকিবলগীয়া হৈছিল যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ এই গৰাকী ছাত্ৰী। সেই সময়ত এই ঘটনাই ৰাজ্যৰ সৰ্বত্ৰে হৈ চৈ সৃষ্টি হোৱাৰ লগতে সামাজিক মাধ্যতো বৰ্ষাশ্ৰীৰ সপক্ষে চৰ্চা হৈছিল। প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে যোৰহাট জিলাৰ টীয়কৰ মেধাবী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে ২০২২ৰ  মে মাহত সামাজিক মাধ্যমত পষ্টটো দিয়াৰ পাছতে পংকজ শইকীয়া নামৰ আৰক্ষী কনিষ্টবল জনে উৰিয়ামঘাট থানাত এক গোচৰ ৰুজু কৰিছিল।উক্ত গোচৰৰ ভিত্তিত উৰিয়ামঘাটৰ জয়াপথাৰৰ পৰা ১৮ মে’ত বান্ধবীৰ ঘৰত থকাৰ সময়তে   উৰিয়ামঘাট থানাৰ আৰক্ষীয়ে বৰ্ষাক আটক কৰি তেওঁৰ বিৰুদ্ধে এটা গোচৰ(গোচৰ নং-২০/২২ ) পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাই ৰাজ্য খনত ব্যাপক প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছিল। দুমাহৰো অধিক দিন জেলত থকা যোৰহাট দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে দুটাকৈ পৰীক্ষা জেলৰ ভিতৰতে দিবলগীয়া হৈছিল।  ইয়াৰ পিছত যোৱা ২০২২ চনৰ২১ জুলাইত উচ্চ ন্যায়ালয়ৰ পৰা বৰ্ষাশ্ৰীয়ে জামিন লাভ কৰিছিল।  পিছত চৰকাৰ তথা আৰক্ষী উচ্চ পৰ্যায়ত চিন্তা চৰ্চাৰ মাজেৰে ছাত্ৰীগৰাকীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰা কথা চিন্তা কৰিছিল যদিও উৰিয়ামঘাট আৰক্ষীয়ে ছাত্ৰী গৰাকীৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰাৰ পাছত আদালতে অহা ২৮ ফেব্ৰুৱাৰীত  তেওঁক আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিছে।
You might also like