মাৰ্চত উৎপাদনক্ষম হ’ব ‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প’
নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: অসমবাসীৰ জনমত তথা দল–সংগঠনৰ দাবী নৰজিল৷ গেৰুকামুখত ২,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম ‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প’ৰ নির্মাণকার্য প্রায় সম্পূর্ণ হৈ উঠিছে৷ অহা মার্চ মাহৰ ভিতৰতে গেৰুকামুখ প্রকল্প বিদ্যুৎ উৎপাদন কৰিব পৰাকৈ সাজু হৈ উঠিব৷ অৱশ্যে উৎপাদনক্ষম হৈ উঠিলেও কেতবোৰ কাৰিকৰী কাৰণত প্রথমতে দুটা ইউনিটেৰে ২৫০ মেগাৱাটকৈ মুঠ ৫০০ মেগাৱাট বিদ্যুৎ অহা জুন মাহৰ ভিতৰত উৎপাদন কৰিবলৈ লক্ষ্য নির্ধাৰণ কৰিছে ৰাষ্ট্রীয় জলবিদ্যুৎ শক্তি নিগম (এনএইচপিচি)–এ৷
গেৰুকামুখ প্রকল্পৰে জড়িত এক সূত্রই জানিবলৈ দিয়া অনুসৰি এই লক্ষ্য যাতে বাস্তৱত সাকাৰ কৰিব পৰা যায়, সেই উদ্দেশ্যৰে ইউনিট–১ আৰু ২ৰ টার্বাইন ঘূৰাই সম্পৰীক্ষা সম্পন্ন কৰা হৈছে৷ যোৱা জানুৱাৰী মাহপর্যন্ত গেৰুকামুখ প্রকল্পৰ নির্মাণকার্য সামগ্রিকভাৱে ৯৫ শতাংশ সম্পূর্ণ কৰিছে এনএইচপিচিয়ে৷ তদুপৰি চলিত মাহতো নির্মাণকার্যৰ যথেষ্ট অগ্রগতি হৈছে৷ বর্তমান চলি আছে চূড়ান্ত পর্যায়ৰ কামহে৷ সকলো ঠিকে থাকিলে অহা মার্চ মাহৰ ভিতৰতে বহু বিতর্কিত বৃহৎ নদীবান্ধটো সাজু হৈ উঠিব৷
ইতিমধ্যে ইউনিট–১ আৰু ২ৰ টার্বাইনৰ সম্পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ পাছত গেৰুকামুখ প্রকল্পৰ অগ্রগতি সম্পর্কীয় পুংখানুপুংখ প্রতিবেদন এনএইচপিচিৰ তৰফৰ পৰা কেন্দ্রীয় শক্তি মন্ত্রালয়ক দাখিল কৰা হৈছে বুলি সূত্রটোত প্রকাশ৷ উল্লেখ্য যে ২০০৭ চনত এনএইচপিচিয়ে নির্মাণকার্য আৰম্ভ কৰা গেৰুকামুখ প্রকল্পৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি বিভিন্ন দল–সংগঠনে তীব্র প্রতিবাদী গণ আন্দোলন গঢ়ি তুলিছিল৷ ভূমিকম্পপ্রৱণ এলেকাত নির্মাণ কৰা বৃহৎ নদীবান্ধটোৱে নামনি অংশত পেলাব পৰা প্রভাৱৰ আশংকাৰে বিষয়টো ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ মজিয়ালৈও লৈ যোৱা হয়৷ প্রতিবাদ আৰু ন্যায়িক যুঁজৰ পৰিণতিত এটা সময়ত বন্ধ হৈ পৰে গেৰুকামুখ প্রকল্পৰ কাম৷ যাৰ ফলত নির্ধাৰিত লক্ষ্য ২০১৮ চনত বৃহৎ নদীবান্ধটোৰ নির্মাণকার্য এনএইচপিচিয়ে সম্পূর্ণ কৰিব নোৱাৰিলে৷
২০১৯ চনৰ ৩১ জুলাইত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে দিয়া এক নির্দেশনাৰ দোহাই দি এনএইচপিচিয়ে বৃহৎ নদীবান্ধটোৰ নির্মাণকার্য পুনৰ আৰম্ভ কৰে৷ প্রায় তিনি বছৰৰ ভিতৰতে এই নির্মাণকার্যই যথেষ্ট অগ্রগতি লাভ কৰে৷ এইক্ষেত্রত ভয়াৱহ ক’ভিডকালীন পৰিস্থিতি এনএইচপিচিৰ বাবে আশীর্বাদ স্বৰূপ হৈ পৰে৷ কিয়নো ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধকল্পে জাৰি কৰা লকডাউন–সান্ধ্য আইনৰ সুযোগ গ্রহণ কৰি এনএইচপিচিয়ে গেৰুকামুখলৈ গোপনে সৰবৰাহ কৰিছিল বিভিন্ন যন্ত্রাংশ৷ গেৰুকামুখ প্রকল্পৰ নির্মাণকার্যৰ অগ্রগতি সন্দর্ভত সদৰী কৰা মতে, নদীবান্ধৰ গেট এছ ১–এছ ৯লৈ, শ্লেব ১–শ্লেব ৮লৈ চার্জ টানেল ১–চার্জ টানেল ৪লৈ, হেড ৰেচ টানেল ১– হেড ৰেচ টানেল ৪লৈ, ড্রাফ্ট টিউব গেট ১–গেট ৪লৈ, স্পীল ৱে’ ৰেডিয়েল তথা বাক গেট বে এছ ১–বে এছ ৯লৈ নির্মাণ সম্পূর্ণ হৈছে৷ সংস্থাপন কৰা হৈছে ২২খন প্রেছাৰ চাক্ট লাইনাৰো৷ ফ্লাড ৱাটাৰিং পাম্প, ইউনিট ১– ইউনিট ৬লৈ জেনেৰেটৰ, টার্বাইন সংস্থাপন কৰাৰ লগতে কুলিং ৱাটাৰ নিষ্কাশনৰ পৰীক্ষণ সম্পন্ন হৈছে৷ ডিজাইন মতে মূল বান্ধটোত ২০ লাখ ঘনমিটাৰ চিমেণ্টৰ ঢ়ালাই থাকিব লাগে৷ ইয়াৰে ১৯,৩২,৫৬০ ঘনমিটাৰৰ ঢ়ালাই কৰা হৈছে ইতিমধ্যে৷ সেইদৰে পাৱাৰ হাউছৰ ৪ লাখ ঘনমিটাৰ ঢ়ালাইৰ ভিতৰত ৩,৮০,৭২৬ ঘনমিটাৰ ঢ়ালাই কৰা হৈ গৈছে৷ বৃহৎ নদীবান্ধটোৰ গুৰুত্বপূর্ণ ইনটেক গেটৰ ৯৭ শতাংশ, চার্জ টানেলৰ ৯৯ শতাংশ কামো সম্পূর্ণ হৈছে৷
এককথাত ক’বলৈ গ’লে গেৰুকামুখ প্রকল্প আজিৰ তাৰিখত প্রায় সাজু৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে জলবিদ্যুৎ প্রকল্প নির্মাণৰ পৰিণতিত শেহতীয়াকৈ উত্তৰাখণ্ডৰ যোশীমথত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতি সমগ্র দেশবাসীয়ে প্রত্যক্ষ কৰিছে৷ তাৰ মাজতে সোৱণশিৰি নৈ ভেটি ঠুনুকা পাহাৰত নির্মিত বৃহৎ নদীবান্ধটোক লৈ স্বাভাৱিকতে উদ্বিগ্ণতাৰ সৃষ্টি হৈছে নামনি অংশত বসবাস কৰা লাখ লাখ লোকক লৈ৷ কিয়নো নির্মীয়মাণ অৱস্থাতে গেৰুকামুখ প্রকল্পত একাধিক অঘটন সংঘটিত হৈছে৷ ইফালে, নির্ধাৰিত পৰিমাণতকৈ যথেষ্ট বৃদ্ধি পাইছে গেৰুকামুখ প্রকল্পৰ নির্মাণ ব্যয়৷ যোৱা নৱেম্বৰ মাহপর্যন্ত গেৰুকামুখ প্রকল্পৰ নামত এনএইচপিচিয়ে মুঠ ১৭,২৭৫.৬২ কোটি টকা খৰচ কৰা বুলি সূত্রটোত প্রকাশ৷