নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ জিৰাং বিধানসভা সমষ্টিত প্রচাৰ চলাব মুখ্যমন্ত্রী ড০ শর্মা–মন্ত্রী অতুল বৰাই

নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: মেঘালয় বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ আন বিধানসভা সমষ্টিৰ দৰে গুৱাহাটীৰ গাতে লাগি থকা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১০ নম্বৰ জিৰাং সমষ্টিতো নির্বাচনী তৎপৰতা তুংগত উঠা পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে সমষ্টিটোত এইবেলি মুঠ ভোটাৰৰ সংখ্যা হ’ল ৪০.৮৮৬জন আৰু ভোটগ্রহণ কেন্দ্রৰ সংখ্যা হ’ল ৭০টা৷ মেঘালয়ৰ ৰি–ভয় জিলাৰ নংপোৰ টোলগেটৰ সমীপৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পশ্চিম প্রান্তৰ চানডুবিলৈ বিয়পি থকা সমষ্টিটোত ১৯১খন গাঁও আছে৷ ইয়াৰে প্রায় কুৰি শতাংশ গাঁও আছে পশ্চিম গুৱাহাটী সমষ্টিৰ গাতে লাগি৷ আনকি সেই গাঁওসমূহৰ বেছিভাগেই মেঘালয়ৰ জিৰাং সমষ্টিৰ দৰে অসমৰ পশ্চিম গুৱাহাটী সমষ্টিতো ভোটদান কৰি আহিছে৷ দ্বৈত ভোটাৰ হিচাপে পৰিচিত গাঁওসমূহৰ সৰহসংখ্যকেই আছে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনত৷ দুখনমান আছে পলাশবাৰী সমষ্টিত৷ ইফালে সমষ্টিটোত এইবেলি মুঠ ৮জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ কিন্তু ৰাজনৈতিক সমীক্ষকসকলে মূল প্রতিদ্বন্দ্বিতা বর্তমানৰ এন পি পি দলৰ বিধায়ক ছটনেশ চতুন আৰু প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা কৰা বিজেপিৰ মহিলা মর্চাৰ মেঘালয় ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদিকা ৰিয়া চাংমাৰ মাজতে সীমাবদ্ধ থাকিব বুলি মত ব্যক্ত কৰিছে৷ ইফালে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনকে ধৰি ৰাজ্যিক বিজেপিৰ কেইবাজনো নেতা, কার্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং আদিয়ে সমষ্টিটোত দলৰ প্রার্থী ৰিয়া চাংমাৰ হৈ নির্বাচনী প্রচাৰ সভাত ভাগ লৈছে৷ শনিবাৰে নির্বাচনী প্রচাৰৰ সামৰণিৰ দিনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, অগপ দলৰ সভাপতি তথা মন্ত্রী অতুল বৰা, সাধাৰণ সম্পাদক আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাকে ধৰি অগপ–বিজেপি মিত্রজোঁটৰ কেইবাজনো নেতাই ৰিয়া চাংমাৰ হৈ নির্বাচনী প্রচাৰ অভিযানত ভাগ ল’ব৷ মুঠৰ ওপৰত জিৰাং সমষ্টিৰ পৰা যিকোনো প্রকাৰে দলৰ প্রার্থী ৰিয়া চাংমাক বিজয়ী কৰাবলৈ অসম বিজেপিৰ নেতাসকলে তৎপৰ হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে সমষ্টিটোত ভোটাৰৰ বিন্যাস অনুসৰি ৪২ শতাংশ খাচী ভোটাৰ৷ ইয়াৰ বিপৰীতে ৩১ শতাংশ গাৰো, ৯ শতাংশ ৰাভা, ৭ শতাংশ কার্বি, ৭ শতাংশ নেপালী আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ কিন্তু সমষ্টিটোত প্রার্থীৰ জয়–পৰাজয়ত নির্ণায়ক ভূমিকা গ্রহণ কৰি অহা বাবে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনত মেঘালয় সীমান্তত থকা গাঁওসমূহত প্রার্থীসকলে অধিক প্রচাৰ চলোৱা দেখা গৈছে৷ তাৰ ভিতৰত ৰাণীবাৰী, ভালাখোৱা, পাটগাঁও, বাকৰাপাৰা, শালসেৰ, বিলপাৰ, জিমিৰগাঁও, উমচুৰ, ডুমোপাহাম, কণ্ঠমপাহাম, নংটাৰী, আমৰিং, ডেকাপথাৰ, নুমলিপথাৰ, জালুকপাহাম, মাতাং, উলুবাৰী, গডভাঙা, পাহাম জিলা, নতুন গডভাঙা, দলেপাহাম, উমচেং, উমক্রেম, গণপতি, মৈৰাপুৰ, নতুন বাতাবাৰী, পুৰাণ বাতাবাৰী আদিত প্রার্থীসকলে অধিক নির্বাচনী প্রচাৰ চলোৱা দেখা গৈছে৷ ইফালে প্রচাৰ অভিযানৰ সময়ত পশ্চিম গুৱাহাটীৰ ৰাণীত আজি সাংবাদিকৰ আগত বিজেপিৰ প্রার্থী ৰিয়া চাংমাই এন পি পি দল আৰু চৰকাৰক কঠোৰ সমালোচনা কৰি কয়– পূর্বৰ ডাঃ মুকুল চাংমাৰ কংগ্রেছ দলৰ চৰকাৰৰ দৰে কনৰাড চাংমায়ো কেৱল দুর্নীতি আৰু পৰিয়ালতন্ত্রৰহে মেঘালয়ত পয়োভৰ দেখা গ’ল৷ তেওঁৰ ঘৰটো গুৱাহাটীৰ বশিষ্ঠৰ ওচৰৰ পিলিংকাটাৰ মাইঘুলিত৷ এজাক বৰষুণ দিলে যোৱাৰ উপায় নাই৷ এতিয়া নির্বাচনৰ প্রাক্ক্ষণতহে পথটোৰ নির্মাণকার্য আৰম্ভ কৰিছে বর্তমানৰ এন পি পি দলৰ বিধায়কজনে৷ মেঘালয় যিহেতু এখন মাতৃপ্রধান ৰাজ্য, সেয়েহে মহিলাৰ সবলীকৰণৰ বাবে পৰম্পৰাগত হস্ততাঁত, বস্ত্রশিল্পৰ উন্নয়ন সাধনৰ বাবে দক্ষতা বিকাশৰ বাবে কেতবোৰ আঁচনি গ্রহণ কৰা হ’ব৷ প্রাক্তন মুখ্যমন্ত্রী ডাঃ মুকুল চাংমাৰ টি এম চি দলে শেহতীয়াভাৱে টকাৰ লোভ দেখুৱাই ভোটাৰৰ কাষ চাপিছে৷ কিন্তু সচেতন ভোটাৰে এখন দুর্নীতিমুক্ত মেঘালয়ৰ লগতে ৰাজ্যখনৰ সর্বাংগীণ বিকাশ–উন্নয়নৰ স্বার্থত বিজেপি দলৰ সপক্ষে ভোটদান কৰিব বুলি ৰিয়া চাংমাই সাংবাদিকৰ আগত সদৰী কৰে৷ উল্লেখযোগ্য যে গাৰোৰ লগতে অসমীয়া, হিন্দী, ইংৰাজী ভাষাত সলসলীয়াকৈ কথা ক’ব পৰা ৰীয়া চাংমাই খাচি ভাষা বুজি পায় যদিও ভালকৈ ক’ব নোৱাৰে৷ আনহাতে বিগত দুদিনত টি এম চি, এন পি পি, কংগ্রেছ দলৰ দৰে ৰিয়া চাংমাৰ সমর্থনত বিজেপি দলৰ কর্মী–সমর্থকসকল্ পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তৱর্তী গাঁওসমূহত সমদল উলিওৱা পৰিলক্ষিত হৈছে৷ বিজেপি দল জিন্দাবাদ, ৰিয়া চাংমা জিন্দাবাদ, বিজেপিৰ ৰিয়া চাংমাক পদুম ফুলৰ চিনত ভোট দিয়ক আদি শ্লোগানেৰে আকাশ–বতাহ মুখৰিত কৰিছে সমদলকাৰীসকলে৷ তেনেদৰে প্রার্থী ৰিয়া চাংমাই সৰু সৰু পথসভা অনুষ্ঠিত কৰাৰ লগতে পদব্রজে ৰাইজৰ মাজত ঘূৰি উন্নয়নৰ স্বার্থত ২৭ ফ্রেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ বিধানসভা নির্বাচনত ১০ নং জিৰাং সমষ্টিৰ পৰা তেওঁক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰি ৰাইজক সেৱা কৰাৰ সুযোগ দিবলৈ আহ্বান জনায়৷

You might also like