নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা-চৰকাৰৰে আলোচনা, কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

সাৰ্বভৌমত্বক লৈ আলোচনা সন্দৰ্ভতো মন্তব্য

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰে আলোচনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ তথ্য। কোকৰাঝাৰত সংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কয় যে পৰেশ বৰুৱাৰ কথাত ইতিবাচক ইংগিত আছে, যদি আলোচনা হয় তেন্তে চৰকাৰ আৰু আলফাৰ মাজত হ’ব। ইয়াত মধ্যস্থতাকাৰীৰ কোনো ভূমিকা নাথাকিব। মধ্যস্থতাকাৰীজন আলোচনাকাৰী হ’ব নোবাৰে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ।

              সাৰ্বভৌমত্বক লৈ আলোচনা সন্দৰ্ভতো মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে সাৰ্বভৌমত্ব ভাৰতীয় সংবিধানৰ এক পবিত্ৰ বিষয়। আলোচনাৰ এই বিষয়টোৱেই সুকীয়া। আলোচনা হ’লে মুকলি আকাশৰ তলত যিমান কথা ক’বলগীয়া আছে সকলো খুলি ক’ব পাৰিব।