ধৰ্মশালা কলেজৰ বাৰ্ষিক আলোচনী উন্মোচন
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ আজি ধুবুৰীৰ ধৰ্মশালা মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী “জিলিঙনি”ৰ প্ৰথমটো সংখ্যাটিৰ আনুষ্ঠানিক ভাৱে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিত শৰ্মাই। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ মজিবুৰ ৰ’হমানৰ প্ৰচেষ্টাত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ভাস্কৰজ্যোতি শৰ্মাই তত্ত্বাবধায়ক আৰু ছাত্ৰ আব্দুল ৰফিকে সম্পাদকৰূপে ধৰ্মশালা মহাবিদ্যালয়ৰ প্ৰথমটো বাৰ্ষিক আলোচনীখনৰ আজিৰ আনুষ্ঠানিক উন্মোচনীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় এক বৰ্ণাঢ্য কাৰ্য্যসূচীও। উক্ত কাৰ্য্যসূচীত আলোচনীখনৰ উন্মোচক ৰূপে উপস্থিত থকা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ শৰ্মাই দিয়া এক মনোজ্ঞ ভাষণত এখন মহাবিদ্যালয়ৰ বাবে আলোচনীখন প্ৰাণশক্তি স্বৰূপ বুলি উল্লেখ কৰে আৰু মহাবিদ্যালয় এখনে বাৰ্ষিক আলোচনীখনৰ ধাৰাবাহিকতা ৰক্ষা কৰাতো একান্ত দায়িত্ব বুলি বিবেচনা কৰা উচিত বুলি মন্তব্য আগবঢ়ায়। আজিৰ এই কাৰ্য্যসূচীতেই মহাবিদ্যালয় সপ্তাহত অংশ গ্ৰহণ কৰি পুৰস্কাৰ ল’ভা ছাত্ৰ -ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। ল’গতে আন্তঃমহাবিদ্যালয় কেৰাটে প্ৰতিযোগিতাত পুৰস্কাৰ লভি সুনাম কঢ়িয়াই অনা মহাবিদ্যালয়খনৰ ছাত্ৰ অনিত বৰ্মণক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই কাৰ্য্যসূচীত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বিমল ৰায়, অধ্যক্ষ ডঃ মজিবুৰ ৰ’হমান, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনীখনৰ তত্ত্বাৱধায়ক ভাস্কৰজ্যোতি শৰ্মা, সহকাৰী অধ্যাপকবৃন্দ ক্ৰমে শ্বাফিকুল হক প্ৰধানী, ডঃ ফাৰহাদ হুছেইন, আব্দুল ৰফিক, ডঃ লোহিত কুমাৰ ৰায়, হামিদুল ইছলাম সমন্বিতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে। অন্তত জাতীয় সংগীত পৰিৱেশনেৰে আজিৰ এই কাৰ্য্যসূচীৰ সমাপণ ঘটে। উল্লেখ্য যে, ১৯৯৩ চনতেই প্ৰতিষ্ঠা হোৱা ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধৰ্মশালা মহাবিদ্যালয়ৰ ২০২১ বৰ্ষত প্ৰাদেশীকৰণ কৰা হয়।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী