পাঠশালাৰ কহৰাত ৮০ লাখ টকাৰ ড্ৰাগছ জব্দ
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ বজালী আৰক্ষীয়ে আজি গোপন সুত্ৰৰ পম খেদি এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বজালীৰ উপ আৰক্ষী অধীক্ষক পুষ্কল গগৈৰ নেতৃত্বত পাটাছাৰকুছি আৰু পাঠশালা আৰক্ষীৰ যুটীয়া অভিযানত আৰক্ষীৰ এটি দলে বজালীৰ মাজেৰে পাৰ হৈ যোৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কঁহৰাৰ এখন ধাবাত ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে কঁহৰাৰ পাঞ্জাবী ধাবাত আকস্মিকভাৱে অভিযান চলাই প্ৰায় ৮০ লাখ টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ৬৮০ গ্ৰাম ব্ৰাউন চুগাৰসহ আটক তিনিজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে এখন মেজিক গাড়ীত আহি ধাবাত দৰ দাম চলি থকা অৱস্থাতে আৰক্ষীয়ে এ এচ ১৫ এ চি ৩৩৬২ নম্বৰৰ টাটা মেজিক গাড়ীখনৰ লগতে ড্ৰাগছসহ বৰপেটা জিলাৰ ক্ৰমে ধুমাৰ পথাৰৰ হাফিজুৰ ইছলাম, পাকৰীগুৰিৰ আজিজুল হক আৰু চিলাপাতনীৰ চলমান আলীক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষী ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ পৰা তিনিটাকৈ মোবাইল ফোনো জব্দ কৰি বাতৰি লিখা সময়লৈকে জেৰা অব্যাহত ৰাখিছে৷