নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেকমেইলিঙৰ বলি হৈ গোৱালপাৰাত যুৱকৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : গোৱালপাৰাৰ বগুৱান থানাৰ অন্তৰ্গত ঝুনকাইপাৰাত কালি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আজিজুল হক খান নামৰ ৩৫ বছৰীয়া যুৱক এজনে মানসিক যন্ত্ৰণাত ভুগি চিপ লৈ আত্মহত্যাৰ পথ বাছি লয়। এই ঘটনাক কেন্দ্ৰ কৰি অকল ঝুনকাইপাৰাতে নহয় সমগ্ৰ জিলাখনতে চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। আজিজুলৰ এনে হঠকাৰী সিদ্ধান্তত ঘৰখনতো উঠিছে কান্দোনৰ ৰোল। আজিজুল হক খানে কালি  মৃত্যুৰ আগমুহুৰ্তত এটি ভিডিঅ কৰি তেওঁৰ নিজ ভাৰাঘৰৰ কোঠাত চিপ লৈ আত্মহত্যা কৰে। মৃত্যুৰ পূৰ্বে আজিজুলে হকে অভিযোগ কৰা মতে দেলোৱাৰা বেগম নামৰ এগৰাকী মহিলা আৰু  এগৰাকী ব্যক্তিয়ে ব্লেকমেইল কৰি আজিজুলৰ পৰা ২৫ লাখ টকা লৈছে। আজিজুলে মাটিবাৰী বিক্রী কৰি ধন দিছিল মহিলাগৰাকীক। লগতে তেওঁৰ পত্নীকো মাৰিবলৈ ব্লেকমেইলিং কৰিছিল বুলিও মৃত্যুৰ আগমুহুৰ্তত খানে কৰা ভিডিঅৰ ভাষ্যত প্ৰকাশ। স্থানীয় যুৱক এজনৰ সহযোগত মহিলাগৰাকীয়ে ব্লেকমেইলিং কৰিছিল। ফলত সৰ্বস্বান্ত হৈ আজিজুলে চৰম সিদ্ধান্ত বাছি লয় বুলি যুৱকজনৰ ভাষ্যত প্ৰকাশ। জানিব পৰা মতে আজিজুলৰ ঘৰ কোকৰাঝাৰ জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাংঙা গাঁৱত। শহুৰৰ ঘৰ আৰু স্ত্ৰীৰ চাকৰি সূত্ৰে ঝুনকাইপাৰাত ভাড়াঘৰত আছিল আজিজুলৰ পৰিয়াল। মৃত্যুৰ পূৰ্বে আজিজুলে সংসাৰত তিনি সন্তানক এৰি থৈ যায়। এই ঘটনাক লৈ এতিয়া শোকত ভাগি পৰিছে আজিজুলৰ পত্নীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি আজি পশ্চিম গোৱালপাৰাৰ শিমলাবাৰীত শ শ স্থানীয় পুৰুষ মহিলা একেলগে ওলাই আহি অভিযুক্ত দেলোৱাৰা বেগম আৰু গোলাম মৌলাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে উপযুক্ত তদন্ত কৰি দোষীক ফাঁচী দিয়াৰ দাবী জনায় ৰাইজ। আজিজুলৰ এনে অকাল মৃত্যুত প্ৰাক্তন জিলা পৰিষদ সদস্য বদিৰ উদ্দিন মোল্লাই দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনোৱাৰ লগতে আজিজুলৰ তিনিটা সন্তানৰ ভৱিষ্যতৰ ফালে চাই ত্ৰিশ লাখ টকাৰ আৰ্থিক সাহায্যৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ জনায়। এই ঘটনাক লৈ গোৱালপাৰা জিলা আৰক্ষীৰ লগতে বগুৱান আৰক্ষীৰ মাজতো তৎপৰতা বৃদ্ধি পাইছে। আজি গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাই ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিয়াল তথা স্থানীয় ৰাইজক উচিত তদন্তৰ আশ্বাস প্ৰদান কৰে। আৰু তদন্তত অভিযুক্তক কৰায়ত্ত কৰাৰো যাৱতীয় চেষ্টা আৰম্ভ হৈছে বুলি লগতে জানিব দিয়ে।

প্ৰেৰক মতিউৰ ৰহমান

You might also like