নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰ পিছতহে খেললৈ উভতিব ঋষভ পণ্ট

বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰীঃ ঋষভ পণ্টৰ ভয়ংকৰ দুর্ঘটনাৰ পিছত পাৰ হৈছে প্রায় আঢ়ৈ মাহ৷ একাধিকবাৰ অস্ত্রোপচাৰো হৈছে ক্রিকেটাৰগৰাকীৰ৷ এনে পৰিস্থিতিত দিল্লী কেপিটেলছৰ মেণ্টৰ সৌৰভ গাংগুলীয়ে কয় যে সম্পূর্ণ সুস্থ হৈ খেলপথাৰলৈ প্রত্যাৱর্তনৰ বাবে পণ্টক দুবছৰৰ প্রয়োজন হ’ব পাৰে৷ সৌৰভে কয়– ‘ঋষভৰ সৈতে একাধিকবাৰ কথা পাতিছোঁ৷ এক কঠিন সময়ৰ মাজেৰে আগবাঢ়িছে তেওঁ৷ পুনৰ দেশৰ হৈ খেলাৰ বাবে আৰু এবছৰ অথবা দুবছৰো সময়ৰ প্রয়োজন হ’ব পাৰে৷’ ইপিনে, পণ্ট নথকাত দিল্লীৰ নেতৃত্ব প্রদান কৰা হৈছে অভিজ্ঞ বেটাৰ ডেভিড ৱার্নাৰক৷ কলকাতাত চলি থকা প্রস্তুতি শিবিৰত পৃথ্বি শ্ব’, ঈশান্ত শর্মা, চেতন ছাকাৰিয়াকে ধৰি কেইবাগৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে৷ অৱশ্যে অধিকাংশ খেলুৱৈ শিবিৰত অনুপস্থিত থাকে৷ এই প্রসংগত গাংগুলীয়ে কয়– ‘এতিয়া সকলো ক্রিকেটাৰক একেলগে পোৱা যথেষ্ট কঠিন৷ এই মুহূর্তত দিল্লীৰ চাৰি–পাঁচজন ক্রিকেটাৰ ইৰানী ট্রফীত ব্যস্ত৷ আনহাতে, চৰফৰাজৰ হাতত আঘাতৰ সমস্যা আছে৷ অৱশ্যে আই পি এলৰ আগতে তেওঁ সুস্থ হৈ উঠিব৷’

You might also like