ক’ভিডৰ পাছত ছন্দ ঘূৰি আহিছে পৰ্যটন উদ্যোগলৈঃ ৰাজ্যত এবছৰতে বৃদ্ধি ৩.৫০ লাখ পর্যটক
নিয়মীয়া বাৰ্তা, ৪ মার্চ: ক’ভিড মহামাৰীৰ প্রভাৱত বিধ্বস্ত হৈ পৰা অর্থনৈতিক ব্যৱস্থাৰ কুফল এতিয়াও সর্বসাধাৰণে ভোগ কৰি থাকিবলগীয়া হৈছে৷ দীঘলীয়া লকডাউন–কঠোৰ নিষেধাজ্ঞাৰ ফলত সমাজৰ প্রত্যেকটো খণ্ডলৈ নামি আহিছিল স্থবিৰতা৷ সমান্তৰালভাৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছিল ৰাজ্যৰ পর্যটন উদ্যোগ৷ যোগাযোগ ব্যৱস্থাৰ সুচল নোহোৱাৰ লগতে ক’ভিডৰ আতংকৰ বাবে ৰাজ্যলৈ পর্যটকৰ আগমন হ্রাস পাইছিল৷ কিন্তু শেহতীয়াকৈ পুনৰ ৰাজ্যৰ পর্যটন খণ্ডলৈ ছন্দ উভতি আহিছে৷ ক্রমাৎ ৰাজ্যলৈ আগমন ঘটা দেশী–বিদেশী পর্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে৷ পর্যটন বিভাগৰ তথ্য অনুসৰি বিগত দুটা বছৰত পুনৰ ৰাজ্যলৈ পর্যটকৰ আগমনৰ হাৰ বৃদ্ধি পাইছে৷
চৰকাৰী তথ্য অনুসৰি ২০২০–২১ বর্ষত অসমৰ বিভিন্ন পর্যটন ক্ষেত্রলৈ আগমন ঘটা পর্যটকৰ সংখ্যা আছিল ১৩,৫২,০৩৭গৰাকী৷ ইয়াৰে ১৩,৫১,৬৯০গৰাকী দেশী পর্যটক৷ আনহাতে একেটা বছৰতে ৰাজ্যলৈ ৩৪৭গৰাকী বিদেশী পর্যটকৰো আগমন ঘটিছে৷ ২০২১–২২ বিত্তীয় বর্ষত এই সংখ্যা ১৭,০২,৯৩২গৰাকীলৈ বৃদ্ধি পাইছে৷ ইয়াৰে ১৭,০১,৭০১গৰাকী দেশী আৰু ১,২৩১গৰাকী বিদেশী পর্যটক৷ অর্থাৎ এটা বছৰৰ ভিতৰতে ৰাজ্যলৈ আগমন ঘটা পর্যটকৰ সংখ্যা ৩,৫০,৮৯৫গৰাকীলৈ বৃদ্ধি হৈছে৷ বিশেষকৈ ৰাজ্যৰ বন্যপ্রাণী অভয়াৰণ্যসমূহৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ অধিকাংশ পর্যটকৰ আগমন ঘটিছে৷ নামেৰী ৰাষ্ট্রীয় উদ্যান, মানস ৰাষ্ট্রীয় উদ্যান, ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যান, ওৰাং ৰাষ্ট্রীয় উদ্যান, পবিতৰা বনপ্রাণী অভয়াৰণ্য, কামাখ্যা ধাম, কলাক্ষেত্র, দৌলগোবিন্দ মন্দিৰ, মাজুলী আৰু মদন কামদেৱলৈ পর্যটকৰ সোঁত বোৱা পৰিলক্ষিত হৈছে৷
২০২০–২১ বর্ষত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ আগমন ঘটিছিল ১,২৩,৫৬১গৰাকী ঘৰুৱা আৰু ২৭৮গৰাকী বিদেশী পর্যটক৷ ২০২১–২২ বিত্তীয় বর্ষত এই সংখ্যা হৈছে ক্রমে ২,০২,১২৫ আৰু ৬৫৪গৰাকী৷ নামেৰী ৰাষ্ট্রীয় উদ্যানলৈ ২০২১–২২ বিত্তীয় বর্ষত ৩,১৩২গৰাকী দেশী আৰু ২৫গৰাকী বিদেশী পর্যটকৰ আগমন ঘটিছিল৷ ইয়াৰ বিপৰীতে মানস ৰাষ্ট্রীয় উদ্যানত ২০২০–২১ বিত্তীয় বর্ষত আহিছিল ৫৫,২৭২গৰাকী দেশী আৰু ৭গৰাকী বিদেশী পর্যটক৷ ২০২১–২২ বিত্তীয় বর্ষত এই ৰাষ্ট্রীয় উদ্যানলৈ অহা পর্যটকৰ ভিতৰত ২৬,৫৮২গৰাকী দেশী আৰু ২৪গৰাকী বিদেশী পর্যটক৷ ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানলৈ ২০২০–২১ বিত্তীয় বর্ষত ৪৬১গৰাকী ঘৰুৱা পর্যটক আৰু ২০২১–২২ বিত্তীয় বর্ষত ৭৬৯গৰাকী ঘৰুৱা পর্যটকে ভ্রমণ কৰে৷ যোৱা বছৰ ৰাষ্ট্রীয় উদ্যানখনলৈ অহা বিদেশী পর্যটকৰ সংখ্যা হৈছে এগৰাকী৷ সেইদৰে ওৰাং ৰাষ্ট্রীয় উদ্যানলৈ ২০২১–২২ বিত্তীয় বর্ষত ১,৫৯২গৰাকী দেশী আৰু ৮১গৰাকী বিদেশী পর্যটকৰ আগমন ঘটে৷
দেশৰ পৱিত্র শক্তিধামসমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈ আহিছে কামাখ্যা ধাম৷ প্রতিবছৰে কামাখ্যা ধামলৈ আশিস বিচাৰি অসংখ্য ভক্তৰ আগমন ঘটে৷ বিশেষকৈ অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ আশিস ল’বলৈ দেশ–বিদেশৰ ভক্তই ভিৰ কৰে৷ ইয়াৰ উপৰি নিয়মীয়াকৈ কামাখ্যা ধামলৈ ভক্তৰ আগমন ঘটি আহিছে৷ ২০২০–২১ বর্ষত শক্তিপীঠখনলৈ ৬৪,০৭১গৰাকী দেশী পর্যটকৰ উপৰি ২০২১–২২ বর্ষত ২,১৬,৭১২গৰাকী ভক্তৰ আগমন ঘটে৷ যোৱা বর্ষতো ৩৬গৰাকী বিদেশী পর্যটকে কামাখ্যাধাম ভ্রমণ কৰে৷ ৰাজ্যৰ কলা–সংস্কৃতি তথা বিভিন্ন জাতি–জনগোষ্ঠীৰ জীৱনশৈলী প্রর্দশন কৰি ৰখা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রও পর্যটকসকলৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ আহিছে৷ ২০২০–২১ বর্ষত ১,৮০,৬১৫গৰাকী দেশী আৰু ২০২১–২২ বর্ষত ১,৯৭,২৭২গৰাকী দেশী পর্যটকে কলাক্ষেত্র ভ্রমণ কৰিছে৷
দুয়োটা বর্ষত কলাক্ষেত্রলৈ আগমন ঘটা বিদেশী পর্যটকৰ সংখ্যা হৈছে ক্রমে এগৰাকী আৰু ১১গৰাকী৷ সত্রীয়া সংস্কৃতিৰ পীঠস্থান তথা বিশ্বৰ সর্ববৃহৎ নদীদ্বীপ মাজুলীৰ বিশ্ব পর্যটনৰ মানচিত্রত এক সুকীয়া স্থান আছে৷ দেশ–বিদেশৰ পৰা অহা পর্যটকে মাজুলী ভ্রমণ কৰি সত্রসমূহ পৰিদর্শন কৰাৰ লগতে ইয়াৰ পৰিৱেশত আপ্লুত হৈ পৰা পৰিলক্ষিত হয়৷ বিশেষকৈ মাজুলীৰ ৰাস চাবলৈ দেশ–বিদেশৰ পৰা হেজাৰ হেজাৰ লোকৰ আগমন ঘটে৷ ২০২০–২১ বর্ষত মাজুলীলৈ ৮,০৬২গৰাকী দেশী আৰু ৪গৰাকী বিদেশী পর্যটকৰ আগমন ঘটিছিল৷ পৰৱর্তী ২০২১–২২ বর্ষত মাজুলীলৈ আগমন ঘটা দেশী পর্যটকৰ সংখ্যা হৈছে ৯,১৩৯গৰাকী৷ উল্লেখ্য যে ক’ভিডৰ সময়ছোৱাত ৰাজ্যৰ ৰে’ল, পথ আৰু বিমান যাতায়াত ব্যৱস্থা সম্পূর্ণভাৱে ব্যাহত হৈ পৰিছিল৷ পৰৱর্তী সময়ত ক’ভিডৰ সংক্রমণ কিছু পৰিমাণে হ্রাস পায় যদিও বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হয়৷ যাৰ পৰিপ্রেক্ষিতত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অত্যন্ত আৱশ্যক নহ’লে ভ্রমণ কৰা কার্য প্রায় বন্ধ হৈ পৰে৷ ইয়াৰ ফল ৰাজ্যৰ পর্যটন খণ্ডতো পৰিছিল৷ ৰাজ্যৰ ট্যুৰ অপাৰেটৰসকলৰ লগতে হোটেল, ৰেষ্টুৰেণ্ট আদি ব্যৱসায়ৰ লগত জড়িত লোকসকল ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছিল৷
অৱশ্যে ক’ভিডৰ সংক্রমণ প্রায় নোহোৱাত সম্প্রতি পুনৰ ৰাজ্যৰ জনজীৱন নিয়মীয়া হৈ পৰিছে৷ লগে লগে পর্যটন কেন্দ্রসমূহলৈ পর্যটকৰ আগমনো বৃদ্ধি পাইছে৷ পর্যটকৰ বাবে সা–সুবিধা বৃদ্ধিৰ লগতে আন্তঃগাঁথনিৰ উন্নয়নেৰে পর্যটন খণ্ডৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো আঁচনি গ্রহণ কৰিছে৷ বিশেষকৈ অসম পর্যটন উন্নয়ন নিগমে ৰাজ্য, কেন্দ্রীয় আৰু উত্তৰ–পূব পৰিষদৰ অধীনত কেইবাখনো আঁচনি ৰূপায়ণেৰে ৰাষ্ট্রীয় উদ্যানসমূহৰ লগতে ঐতিহাসিক স্থানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰি আহিছে৷ দেশী–বিদেশী পর্যটকসকলৰ আকর্ষণৰ বাবে ‘হোম ষ্টে’ৰ ব্যৱস্থা কৰিছে৷ বিশেষকৈ কাজিৰঙা, মানস, পবিতৰা আৰু মাজুলীত পর্যটন বিভাগৰ উদ্যোগত ‘হোম ষ্টে’ৰ বাবে গ্রহণ কৰা পদক্ষেপে পর্যটকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে৷