বিশ্বত আটাইতকৈ নির্যাতনৰ বলি আফগান নাৰী
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: তালিবান শাসিত আফগানিস্তানত মহিলাৰ ওপৰত আটাইতকৈ বেছি নির্যাতন চলিছে৷ কালি আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত আলোচনাত বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ মজিয়াত এই বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰে৷ এই আলোচনাত ৰাষ্ট্রসংঘৰ আফগানিস্তান মিছনৰ মুৰব্বী ৰোজা অতুনবায়েভাই এক বিবৃতিযোগে সদৰী কৰে যে নাৰী নির্যাতনৰ ক্ষেত্রত এতিয়া বিশ্বৰ ভিতৰত প্রথম স্থানত আছে আফগানিস্তান৷ আফগানিস্তানৰ তালিবান শাসকে ইচ্ছাকৃতভাৱে নাৰীৰ ওপৰত চলাইছে পাশৱিক নির্যাতন৷ আনফালে নাৰীক অন্ধকাৰ কুঠৰীত আবদ্ধ কৰি ৰাখিবলৈ এটাৰ পাছত এটা ফতোৱা জাৰি কৰি গৈছে তালিবান প্রশাসনে৷ ইয়াৰ উপৰি ভয়াৱহ মানৱীয় তথা অর্থনৈতিক সংকটৰ সন্মুখীন হ’বলগা হৈছে আফগান নাৰী সমাজ৷ স্মর্তব্য যে শিক্ষা ক্ষেত্রত নাৰীৰ বিৰুদ্ধে এটাৰ পাছত এটাকৈ দমনমূলক ব্যৱস্থা গ্রহণ কৰি আহিছে তালিবানে৷ ইয়াৰ ফলত বহু নাৰীয়ে আত্মহত্যাৰ পথ বাছি ল’বলগীয়া হোৱা বুলিও ৰাষ্ট্রসংঘৰ মজিয়াত কেইবাগৰাকীও প্রতিনিধিয়ে আক্ষেপ প্রকাশ কৰিছে৷