নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রীষ্মৰ বতৰত ধাৰণাতকৈ অধিক হ্রাস পাব বিদ্যুতৰ উৎপাদনঃ উৎকট গৰমত দহিব দেশবাসী

  • দেশজুৰি গ্রীষ্মকালত বিশেষকৈ এপ্রিলৰ পৰা জুনলৈকে বিদ্যুৎ কর্তনৰ শংকা ঘনীভূত
  • এপ্রিলত চাহিদাতকৈ ১.৭ শতাংশ বিদ্যুৎ উৎপাদন হ্রাস পাব
  • এপ্রিলত বিদ্যুতৰ চাহিদা বিগত বর্ষৰ তুলনাত ৬.৪ শতাংশ বৃদ্ধিৰে প্রয়োজন হ’ব ২১৭ গিগাৱাট
  • ২৬তকৈ অধিক কয়লাৰ দ্বাৰা উৎপাদিত বিদ্যুৎ প্রকল্পৰ নির্মাণত বিলম্ব, পৰিৱেশ উদ্বিগ্ণতাৰ বাবে স্থানীয় প্রতিবাদ, আইনী প্রত্যাহ্বান, ভূমি অধিগ্রহণৰ ক্ষতিপূৰণক লৈ খেলিমেলি, শ্রমিক আৰু সা–সঁজুলিৰ অভাৱ আদিও বিদ্যুৎ উৎপাদন প্রকল্প নির্মাণত প্রতিবন্ধকতা
  • গ্রীষ্মকালত বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ কোম্পানীসমূহৰ সৈতে গুৰুত্বপূর্ণ বৈঠক কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ

 

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ: গ্রীষ্মৰ বতৰ আৰম্ভ হোৱাৰ পূর্বেই দেশত এইবেলি বিদ্যুতৰ উৎপাদন চাহিদাতকৈ হ্রাস পোৱাটো নিশ্চিত হৈছে৷ মার্চৰ পৰা জুনলৈকে প্রচণ্ড গ্রীষ্মপ্রবাহে দেশৰ বিভিন্ন প্রান্তত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন কৰোৱাৰ ইংগিত দিছে ভাৰতৰ বতৰ বিজ্ঞানীয়ে৷ গ্রীষ্মপ্রবাহ বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ সময়তে বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম নহ’ব দেশৰ বিদ্যুৎ উৎপাদন কোম্পানীসমূহ৷ ফলত গ্রীষ্মৰ সময়ত নিশা আৰু দিনত বিদ্যুৎ কর্তনৰ শংকা বৃদ্ধি পাইছে৷ ধাৰণা কৰাতকৈ চলিত বর্ষৰ গ্রীষ্মৰ বতৰত বিদ্যুতৰ উৎপাদন হ্রাস পোৱাটো নিশ্চিত৷ কিয়নো পৰিকল্পনা মতে, কয়লাৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰা প্রকল্প নির্মাণ সম্পূর্ণ কৰিব পৰা নাই৷ তথ্য মতে, দেশজুৰি ২৬তকৈ অধিক কয়লা ইন্ধনৰ দ্বাৰা বিদ্যুৎ উৎপাদিত প্রকল্প নির্মাণত বিলম্ব হৈ আছে৷ এনে কাৰণতে কয়লাৰ পৰা উৎপাদন হোৱা বিদ্যুতৰ উৎপাদন নিম্নগামী হ’ব৷ অর্থাৎ বিদ্যুতৰ উৎপাদন হ্রাস পাব৷

ইপিনে, চৰকাৰে সৌৰ প্রকল্পৰ দ্বাৰা বিদ্যুৎ উৎপাদনৰ প্রক্রিয়া যিদৰে আগবঢ়াব লাগিছিল, সেইদৰে আগবঢ়াব পৰা নাই৷ তদুপৰি জলবিদ্যুৎ প্রকল্পসমূহো নির্মাণৰ ক্ষেত্রত ধাৰণা কৰাতকৈ অধিক বিলম্ব হৈ আছে৷ গ্রীষ্মৰ বতৰ বিশেষকৈ এপ্রিল মাহত দেশজুৰি চাহিদা মতে বিদ্যুৎ যোগান ধৰিব নোৱাৰিব কয়লা–জল–সৌৰ প্রকল্পৰ দ্বাৰা উৎপাদিত বিদ্যুতে৷ তথ্য মতে, সৌৰ প্রকল্পৰ বাহিৰে দেশৰ বিদ্যুৎ ক্ষমতা এপ্রিল মাহত ১.৭ শতাংশ নিম্নগামী হ’ব৷ অর্থাৎ চাহিদাৰ বিপৰীতে দেশৰ বিদ্যুৎ ক্ষমতা ১.৭ শতাংশ কম হ’ব৷

আনহাতে, বিগত বর্ষৰ এপ্রিল মাহৰ তুলনাত চলিত বর্ষৰ এপ্রিল মাহত নিশা বিদ্যুতৰ চাহিদা ২১৭ গিগাৱাট (জি ডব্লিউ)লৈ বৃদ্ধি পাব৷ ই হৈছে বিগত বর্ষৰ তুলনাত ৬.৪ শতাংশ৷ চাহিদাৰ বিপৰীতে এপ্রিল মাহত দেশত বিদ্যুতৰ ক্ষমতা মাত্র ১৮৯.২ গিগাৱাট হ’ব৷ এই তথ্যই নিশ্চিত কৰিছে যে চাহিদা অনুপাতে বিদ্যুৎ যোগান ধৰিব নোৱাৰিব কোম্পানীসমূহে৷

মন কৰিবলগীয়া যে গ্রীষ্মৰ বতৰত নিশাৰ ভাগত বিদ্যুতৰ চাহিদা প্রায় ৮৩ শতাংশ বৃদ্ধি পায়৷ এনে ক্ষেত্রত উৎপাদিত বিদ্যুতেৰে চাহিদা পূৰণ কৰিব নোৱাৰাটো নিশ্চিত হোৱাত বিদ্যুৎ কর্তনৰ হাৰাশাস্তিৰ সন্মুখীন হ’ব দেশৰ বিভিন্ন প্রান্তৰ জনতা৷ মন কৰিবলগীয়া যে পেৰিছ জলবায়ু চুক্তি অনুসৰি কার্বন নির্গমন হ্রাস কৰাৰ বাবে ভাৰতে বিগত ৫ বছৰ ধৰি সৌৰশক্তি প্রকল্পৰ ক্ষমতা বৃদ্ধি কৰিছে যদিও ই এতিয়াও চাহিদা অনুপাতে উৎপাদন হোৱা নাই৷ দেশজুৰি নতুনকৈ নির্মাণ হ’বলগীয়া কয়লাৰ দ্বাৰা উৎপাদিত বিদ্যুৎ প্রকল্প ২৬টা এতিয়াও নির্মাণ হৈ উঠা নাই৷ এই বিদ্যুৎ প্রকল্পকেইটাৰ ক্ষমতা হৈছে ১৬.৮ গিগাৱাট৷ কেন্দ্রীয় বৈদ্যুতিক প্রাধিকৰণে বিগত ১০ বছৰ ধৰি বিদ্যুৎ প্রকল্প নির্মাণত বিলম্ব হৈ থকা বুলি উল্লিখিত তথ্য প্রকাশ কৰিছে৷ নির্মীয়মাণ প্রকল্পসমূহ সম্পূর্ণ কৰাৰ ক্ষেত্রত পৰিৱেশক লৈ উদ্বিগ্ণ স্থানীয় প্রতিবাদৰ লগতে আইনী প্রত্যাহ্বানো কাৰক হৈ পৰিছে বুলি বৈদ্যুতিক প্রাধিকৰণে প্রকাশ কৰিছে৷ ইয়াৰ উপৰি বিদ্যুৎ প্রকল্পৰ বাবে অধিগ্রহণ কৰা ভূমিৰ ক্ষতিপূৰণৰ ক্ষেত্রত খেলিমেলি আৰু বিদ্যুৎ প্রকল্প নির্মাণৰ বাবে প্রয়োজনীয় সা–সঁজুলিৰ লগতে শ্রমিকৰ অভাৱো কাৰক হৈ পৰিছে বুলি প্রাধিকৰণে প্রকাশ কৰিছে৷

আনহাতে, কয়লাৰ দ্বাৰা উৎপাদিত বিদ্যুৎ প্রকল্পৰ নির্মাণত বিলম্বৰ লগতে জল আৰু পাৰমাণৱিক ক্ষমতাসম্পন্ন বিদ্যুৎ উৎপাদনত অধিক জটিলতা আহি পৰিছে৷ পৰিৱেশৰ ওপৰত নেতিবাচক প্রভাৱ আৰু সুৰক্ষাৰ বিষয়টো চর্চিত হোৱাত বিদেশী বিনিয়োগকাৰীয়ে বিদ্যুৎ উৎপাদন প্রকল্পত জড়িত হোৱাত অনীহা প্রকাশ কৰি আহিছে৷ সমাগত গ্রীষ্মৰ বতৰত বিদ্যুতৰ নাটনি হোৱাটো নিশ্চিত হোৱাৰ সময়তে কেন্দ্রীয় শক্তি মন্ত্রালয়ে আজি বিদ্যুৎ উৎপাদক কোম্পানীসমূহৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত মিলিত হৈছে৷ গ্রীষ্মকালত বিদ্যুতৰ যোগানত যাতে কোনো অসুবিধা নহয় কিম্বা বিদ্যুৎ যোগানত নিশ্চয়তা প্রদান কৰিব পাৰে, তাৰ বাবে এই বৈঠকত বিশেষ পর্যালোচনা কৰা হয়৷

কেন্দ্রীয় শক্তিমন্ত্রী আৰ কে সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত গুৰুত্বপূর্ণ বৈঠকখনত বিদ্যুৎ উৎপাদক কোম্পানীসমূহক গ্রীষ্মৰ বতৰত বিদ্যুৎ যোগানত কোনো বিঘিনি যাতে নঘটে, তাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ চাহিদা অনুপাতে বিদ্যুৎ যোগানৰ ক্ষেত্রত পৰিস্থিতিৰ সূক্ষ্ম নিৰীক্ষণ কৰিবলৈও কোম্পানীসমূহক নির্দেশ দিয়ে মন্ত্রীগৰাকীয়ে৷ তদুপৰি কেন্দ্রীয় বিদ্যুৎ প্রাধিকৰণক এই ক্ষেত্রত বিভিন্ন ৰাজ্যত যোগান ধৰিবলগীয়া বিদ্যুতক লৈ স্বচ্ছ আৰু মুক্ত পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে মন্ত্রীগৰাকীয়ে৷

You might also like