মুক্ত কণ্ঠঃ চিন্তা আৰু দুশ্চিন্তা
সাম্প্রতিক সময়টো সমগ্র বিশ্বৰ বাবে শুভ সময় বুলি ক’ব নোৱাৰি৷ বিশ্বৰ শক্তিশালী ৰাষ্ট্রসমূহ সদায় নিজৰ নিজৰ শক্তিৰে বাকীসকলক নিজৰ স্বার্থত দমন কৰি থ’বৰ বাবে যত্নপৰ হৈ আহিছে৷ আনকি যিবিলাক ৰাষ্ট্রৰ লগত নিজৰ নিজৰ অর্থলৈতিক সম্পর্ক আছে, তেনে ৰাষ্ট্রসমূহেও অর্থনৈতিক সম্পর্ক থকা ৰাষ্ট্রৰ প্রতি ৰাজনৈতিক তথা সামৰিক শক্তিৰে ভীতিগ্রস্ত হৈ থাকিবলৈ বাধ্য কৰিব খোজে৷ চীনে যিদৰে অৰুণাচলৰ পৰা আৰম্ভ কৰি লাডাখলৈকে নিজৰ দেশৰ অংশ বুলি এটা মিছা দাবী কৰি আহিছে, তেনেভাৱে ৰুছ দেশে এসময়ত এই ৰুছৰে অংশস্বৰূপে থকা ইউক্রেইনত যোৱা এবছৰ ধৰি সামৰিকভাৱে বিধ্বস্ত কৰিবলৈ আৰু পুনৰ শক্তি প্রতিষ্ঠা কৰিবলৈ এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰি আহিছে৷ পাকিস্তানে যিদৰে এক অবর্ণনীয় অর্থনৈতিক দুৰৱস্থাৰ মাজত থাকিও ভাৰতবর্ষৰ ক্ষতিসাধন কৰিবলৈ চীনৰ লগত জোঁটা পাতি নিজৰ নিজৰ স্বার্থ পূৰণৰ যত্ন কৰি আহিছে, তেনেভাৱে তালিবানে আফগানিস্তানত ধর্মৰ নামত নাৰীৰ অধিকাৰ খর্ব কৰি আহিছে৷ এইক্ষেত্রত প্রচুৰ খনিজ তেল থকা ৰুছ দেশৰ লগত অর্থনৈতিক স্বার্থতেই ভাৰতবর্ষই সম্পর্ক ৰক্ষা কৰি আহিছে আৰু ‘নাটো’ৰ লগত এই বিষয়ৰ ক্ষেত্রত সংযুক্ত হোৱা নাই৷ ঠিক তেনেদৰে ইউক্রেইনক আমেৰিকাই সহায় কৰিলেও আমেৰিকাৰ লগত ভাৰতবর্ষই ৰাজনৈতিক সম্পর্ক হেৰুওৱা নাই৷ দেখা গৈছে যে ভাৰতবর্ষৰ বৈদেশিক মন্ত্রী, প্রতিৰক্ষা মন্ত্রীয়ে নিজৰ স্থিতি সবল কৰি ৰাখিছে৷ তেনে ক্ষেত্রত নীতিন গাডকাৰিয়ে বিশেষকৈ পৰিবহণ আৰু যাতায়াত বিভাগ সক্রিয় আৰু সবল কৰি ৰাখিছে৷ অৱশ্যে অসমৰ ক্ষেত্রত চাৰিশৰীয়া ঘাইপথ আৰম্ভ কৰাৰ প্রায় সাত–আঠ বছৰেও দুর্ভাগ্যজনকভাৱে আংশিকমাত্র কাম হৈছে৷ কেৱল চীনৰ ভাবুকিৰ প্রতিৰোধ কৰিবলৈ উত্তৰ–পূর্বাঞ্চলত গুৰুত্ব দিয়াৰ কথা চৰকাৰে কৈ আহিছে৷
ভাৰতবর্ষৰ দৰে বিভিন্ন প্রধান প্রধান ভাষাৰে থকা ৰাজ্যসমূহৰ ভাষিক বিচিত্রতাক হিন্দী ভাষাৰ প্রয়োগেৰে গৃহ দপ্তৰে নাইকিয়া কৰিব খুজিছে৷ এই অৱস্থাটোৱে এসময়ত দেশজুৰি ক্ষোভৰ সৃষ্টি নকৰিব বুলি বুকুত হাত দি কোনেও ক’ব নোৱাৰে৷ ভাৰতবর্ষৰ প্রাচীন আৰু প্রধান ভাষাসমূহৰ ভিতৰৰ অন্যতম অসমীয়া ভাষাৰ প্রতিও বিজেপিৰ গৃহ দপ্তৰৰ ভাব যে অনুকূলসূচক নহয়, সেই কথাও সহজবোধ্য৷ তদুপৰি আৰু এটা দিশ মন কৰিবলগীয়া৷ সেইটো হ’ল ঃ ভূ–তাত্ত্বিকভাৱে ভাৰতীয় প্লেটখন ক্রমাৎ উত্তৰলৈ গৈ থকাৰ ফলত সঘনে সৰু সৰু ভূ–কম্পনে ডাঙৰ ভূ–কম্পনৰ শংকা সৃষ্টি কৰি অহা যেন হ’লেও সোৱণশিৰিৰ শক্তিশালী বান্ধে এটা ভয়ংকৰ ভৱিষ্যতৰ সম্ভাৱনা কঢ়িয়াই অনা যেন হৈছে৷ তাৰ ওপৰত ২৭৮ মিটাৰ ওখ আৰু এটা ডাঙৰ বান্ধ অৰুণাচলত কৰাবৰ বাবে দেশৰ চৰকাৰ প্রস্তুত হৈছে৷ অসম থাকিবনে? এই মার্চ মাহৰ (২০২৩) ৪ তাৰিখে দিবাং নদীৰ এটা সোঁত ব্রহ্মপুত্রত আহি সংলগ্ণ হোৱাৰ ফলত ডিব্রুগড নগৰ ৰক্ষাৰ প্রধান যিটো বান্ধ, তাৰ আগৰ ১০০ মিটাৰ খহাই নদীৰ সোঁত নগৰৰ বান্ধটোলৈ দহ মিটাৰ পাবলৈ বাকী থাকোঁতে আহি ৰৈ গৈছেহি৷ চৰকাৰে লাখ লাখ, কোটি কোটি টকা কেনেকৈ ক’ত ব্যয় কৰি আছে, ৰাইজে দেখি আছে৷ কিন্তু ১৯৫০ চনৰ বৰ ভূইকম্পে ব্রহ্মপুত্রৰ তলি বাম কৰি পেলোৱাত তেতিয়াৰ প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰু আহি নিজে পর্যবেক্ষণ কৰি এটা শক্তিশালী শিলৰ স্পাৰ বন্ধাৰ বাবে ততালিকে জনোৱা অনুমোদনৰ ফলত ডিব্রুগড নগৰে আজিও ৰক্ষা পাই আছিল৷ এইবাৰ দিবাং নদীৰ নতুন সোঁতে পুনৰ ভাবুকিৰ সৃষ্টি কৰিছে৷
মই ১৯৮৬ খ্রীষ্টাব্দত ৰাজ্যসভালৈ যোৱাৰ বছৰো ডাঙৰ বানপানী হৈছিল৷ তাৰ কিছুদিনৰ পিছতে ডিব্রুগডৰ জলসম্পদ বিভাগৰ কার্যবাহী বিষয়াসকলৰ লগত আলোচনা কৰি ৰহমৰীয়াৰ পৰা কেইটামান শিলৰ স্পাৰৰ প্লেন তেওঁবিলাকে কৰি দিয়াৰ পিছত তেতিয়াৰ মুখ্যমন্ত্রী শ্রীমহন্তক দিওঁ৷ তেখেতে পুনেৰ সংশ্লিষ্ট দপ্তৰলৈ পঠাব লাগিব বুলি কৈ পঠোৱাৰ দায়িত্ব ল’লে৷ তাৰ পিছত আৰু কোনো যোগাযোগ পোৱা নাই বুলি ক’লে৷
১৯৮৯ খ্রীষ্টাব্দত মই আমেৰিকা যুক্তৰাষ্ট্রলৈ যাওঁতে ৰাটগার্ছ বিশ্ববিদ্যালয়ৰ ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক ড০ দেৱ বৰাক লগ পাওঁতে ব্রহ্মপুত্র নিয়ন্ত্রণৰ বিষয়ে কথা পাতোঁতে ড০ বৰাই মিছিছিপি নদী নিয়ন্ত্রণৰ লগত জডিত হৈ কাম কৰাৰ কথা ওলাল৷ ড০ বৰাই কোৱা মতে মিছিছিপি নদীৰ উৎসৰ পৰা মোহনালৈকে দুয়োফালৰ পৰা কিছু দূৰে দূৰে শিলৰ স্পাৰ বন্ধাই দিয়াৰ পিছত নদীৰ সোঁত কেন্দ্রীভূত হৈ ড্রেজিং কৰি পানীৰ সোঁত লৈ যোৱাত, নদীৰ খহনীয়া সম্পূর্ণ বন্ধ হ’ল আৰু দুয়োফালেদি হাজাৰ হাজাৰ হেক্টৰ বসতিৰ বাবে আৰু খেতি–বাতিৰ বাবে ওলাল৷ মই এই আটাইবোৰ কথা ঘূৰি আহি মুখ্যমন্ত্রী মহন্তক ক’লোঁহি আৰু ড০ বৰাক চৰকাৰী আলহী হিচাপে মাতি অনাবলৈও পৰামর্শ দিলোঁ৷ তাৰ কিছু দিনৰ পিছত ড০ বৰা নগাঁৱৰ ঘৰলৈ আহোঁতে মুখ্যমন্ত্রীয়ে খবৰ দিলে নিজেই লগ কৰিবলৈ বুলি ক’লে৷ সেইমতে ড০ বৰাই লগো পালেহি৷ কাম একো আগ নাবাঢ়িলে৷ কংগ্রেছৰ দিনতো একো নহ’ল৷ এতিয়া জোঁৰ পুৰি হাত পালেহি৷ বিজেপিয়ে ‘নমামি ব্রহ্মপুত্র’ পাতি উত্তৰ ভাৰতৰ পৰা পূজাৰী আনি পূজা কৰোৱাওঁতে মই কৈছিলোঁ যে পূজাৰে ব্রহ্মপুত্রক সন্তুষ্ট কৰিব নোৱাৰি৷ তাৰবাবে বিজ্ঞানসন্মত ব্যৱস্থা ল’ব লাগিব৷ তেনে ব্যৱস্থা ল’লে জানো?
অসমৰ সাধাৰণ মানুহক হিতাধিকাৰী কৰি বিভিন্ন প্রকাৰে সাহায্য দান কৰি হিতাধিকাৰীৰ সুবিধা ভোগ কৰিবলৈ দিছে যদিও বাতৰিকাকতত প্রকাশ হৈ আহিছে যে কিছুদিন তেনে সাহায্য পোৱাৰ পিছত পোৱা আৰু পাম বুলি আশা কৰি থকাসকলৰ অনেকেই নোপোৱা হৈছে বা পোৱা নাই৷ এনেধৰণৰ বিনামূলীয়া সাহায্য দানৰ বাবে বহু হাজাৰ লাখ কোটি টকা ঋণ লোৱা হৈছে৷ অসমৰ বিভিন্ন ক্ষেত্রত উন্নয়নৰ বাবে লোৱা ঋণৰ পৰিমাণো লাখ লাখ কোটিলৈ বাঢ়ি গৈছে৷ আনহাতে, প্রতিটো ব্যৱহার্য দ্রব্যৰে মূল্য সাধাৰণ মানুহে বহন কৰিব নোৱাৰাকৈ দিনে দিনে বাঢ়ি গৈছে৷ অসমত চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আদর্শ বিদ্যালয় গৃহ নির্মাণৰ বাবে লোৱা ঋণৰ পৰিমাণো এনেভাৱে বাঢ়িছে যে সময়ত এই ঋণে ৰাজ্যখনক কোনটো অৱস্থালৈ ঠেলি নিয়ে ক’ব পৰা নাই৷ আনহাতে পুৰণি পেন্সন নীতি বন্ধ কৰাৰ ফলত পেন্সনাৰসকল স্বাভাৱিকভাৱেই বিপদত পৰিছে৷
চিকিৎসা মহাবিদ্যালয় হৈছে ঠিকেই, কিন্তু পুৰণি মহাবিদ্যালয়সমূহত্ আৱশ্যকীয়সংখ্যক চিকিৎসক নাই, পুৰণি বিশ্ববিদ্যালয়সমূহ আনকি মহাবিদ্যালয়সমূহত্ চিকিৎসক তথা শিক্ষকৰ কেইবাহাজাৰো পদ পূৰণ কৰিব পৰা নাই৷ ঘৰ হৈছে, মানুহ নাই৷ বিভিন্ন চৰকাৰী ক্ষেত্রৰ চাকৰিৰ দুৱাৰ অসমৰ বাহিৰৰ লোকৰ বাবেও খুলি দিয়াৰ ফলত স্থানীয় প্রার্থীয়ে নিযুক্তিৰ সুবিধা নোপোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে৷ বহুত সুকল বিশেষকৈ অসমীয়া মাধ্যমৰ, হয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে নাইবা বন্ধ হৈছে৷ সুকলৰ শিক্ষকৰ প্রায় সাত হাজাৰ পদৰ বাবে, টেট নপতাৰ ফলত আবেদন কৰিব পৰা হাজাৰ হাজাৰ ল’ৰা–ছোৱালী আগবাঢ়ি আহিব পৰা নাই৷ অথচ নতুন শিক্ষা নীতিৰ প্রচলনো কৰাৰ কথা ঘোষণা কৰা হৈছে৷ আমাৰ যেন জাতীয় জীৱনৰ শৰীৰটো বঢ়া যেন লাগিলেও আমাৰ মূৰটো যেন সৰু হৈ গৈ আছে৷ দৈনিক প্রতিটো বিভাগৰ, প্রতিটো বিষয়ৰ অসমৰ দৈনিক বাতৰিকাকতৰ পৃষ্ঠাজোৰা ৰঙীন, সচিত্র বিজ্ঞাপনত কিমান ব্যয় হৈছে, সেই বিষয়েও জনাৰ উপায় নাই৷ কেৱল দুমাহ নে তিনি মাহমানৰ আগতে কোৱা– চিলাৰ মুখেদি বাগৰি অহা মতে কোনোবা এগৰাকী নেতাই বোলে কোনোবা এখন কাকতে চৰকাৰৰ বিৰুদ্ধে যাব পৰা বাতৰি প্রকাশ কৰাৰ বাবে কৈছিল, যে তেনে বাতৰি উলিয়ালে চৰকাৰী বিজ্ঞাপন বন্ধ কৰি দিয়া হ’ব৷ এইক্ষেত্রত মোৰ মনলৈ আহিছে জৱাহৰলাল নেহৰু চৰকাৰৰ সেই সময়ৰ শক্তিশালী গৃহমন্ত্রী চর্দাৰ বল্লভভাই পেটেলে ‘ফ্রী প্রেছ জনেল’ৰ স্বত্বাধিকাৰী আৰু সম্পাদক সুদর্শনক যেতিয়া চৰকাৰক সমালোচনা নকৰি সহায় কৰিবৰ বাবে কৈছিল, তেতিয়া সুদর্শনে কৈছিল যে ‘চৰকাৰে যিবিলাক ভাল কাম কৰিছে, মই সেইবিলাক প্রশংসা কৰি আহিছোঁ৷ কিন্তু যিবোৰ কাম গ্রহণীয় নহয় বুলি ভাবোঁ, তেনে কামহে সমালোচনা কৰি আহিছোঁ৷’ এই উত্তৰত সন্তুষ্ট নহৈ পেটেলে কৈছিল যে বাছি বাছি চৰকাৰক প্রশংসা কৰাটো সহায় কৰা নহয়৷ ইয়াৰ অর্থ আছিল যে চৰকাৰে কৰা সকলো কাম সমর্থন কৰিলেহে সহায় কৰা বুজায়৷ সুদর্শনে তেনে চর্ত মানি নোলোৱাৰ বাবে কিছুদিন দুর্ভোগ ভুগিলেও তেওঁ নতি স্বীকাৰ নকৰিলে৷
ইন্দিৰা গান্ধীৰ দিনতো যিবিলাক বাতৰিকাকতে চৰকাৰক সমালোচনা কৰিছিল, সেইবিলাক কাকতৰ বিৰুদ্ধে তেওঁ কঠোৰ ব্যৱস্থা লোৱাত তেতিয়াৰ দৈনিক অসমৰ সম্পাদক শ্রীযুত (এতিয়া স্বর্গীয়) কীর্তিনাথ হাজৰিকাই সম্পাদকীয় স্তম্ভটো ক’লা ব’ডাৰৰ মাজত খালী কৰি ৰাখি প্রতিবাদ জনাইছিল৷ ইন্দিৰা গান্ধীয়ে বাতৰিকাকতক এনেভাৱে দমন কৰাৰ নিমিত্তে গোটেই দেশৰ মানুহৰ অসন্তুষ্টিৰ সৰু–ডাঙৰ বিভিন্ন কাৰণবোৰ তেওঁ নজনাকৈ থাকিল৷ ফলত পৰৱর্তী নির্বাচনত তেওঁ বেয়াকৈ পৰাজিত হ’ল৷ ৰাজনীতিকসকলে মনত ৰখা উচিত যে কেৱল প্রশংসা বাক্যই তেওঁবিলাকক সহায় নকৰে, সমালোচনাইহে সহায় কৰে৷ সমালোচকৰ কলম বন্ধ কৰিলে ক্ষতি চৰকাৰৰ নিজৰে হয়৷ এই কথাও মনত ৰাখিব লাগে যে আমি কোনো যেনেভাৱে চিৰদিন জীয়াই নাথাকোঁ, তেনেভাৱে চিৰদিন আমাৰ হাতত ক্ষমতাও নাথাকে৷
কোনো সন্দেহ নাই৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দক্ষতাৰ সম্পর্কে, ততালিকে সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আৰু ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ বাবে দান–নুদান বা সাহায্য ঘোষণাৰ ক্ষেত্রত তেওঁৰ সমকক্ষ কম নেতা ওলাব৷ তেওঁ ঋণ লোৱাৰ ক্ষেত্রতো পিছপৰি নাথাকে৷ কিন্তু অধিক ক্ষণগ্রস্ততাই ৰাজ্যখনৰ অর্থনীতিৰ ৰাজহাড দুর্বল কৰাৰ সম্ভাৱনা কেনেকৈ নোহোৱা কৰিব পাৰি, সেই কথা আমাৰ দৰে মানুহৰ বাবে ভাঙিব নোৱাৰা সাঁথৰ৷ বোধকৰোঁ অনেক অর্থনীতিবিদৰ বাবেও সাঁথৰেই হ’ব৷ আমি ইমানেই জানো যে ৰাজনীতি হ’ল অর্থনীতিৰ ঘনীভূত ৰূপ পুৱাৰ পৰা মাজৰাতিলৈকে ড০ হিমন্ত বিশ্ব শর্মাৰ সমান কাম কৰিব পৰা ৰাজ্যৰ ৰাজনীতিত কম মানুহহে হয়তো ওলাব৷ তেওঁৰ নে দক্ষতাৰ বাবে এতিয়া বিজেপিৰ বিশেষকৈ উত্তৰ–পূর্বাঞ্চলৰ নির্বাচনী প্রচাৰৰ সুযোগ লাভ কৰিছে৷ দেখা গৈছে ৰাজ্যিক কেবিনেটত তেওঁৰ বাহিৰে দ্বিতীয় এজন শেষ কথা কোৱা বা ঘোষণা কৰা নেতা নাই৷ কোৱা হয় নেতাই নীতিহে প্রস্তুত কৰে, ৰূপায়ণ কৰে কার্যবাহী বিষয়াসকলেহে৷ ড০ হিমন্ত বিশ্ব শর্মাই কথাষাৰ নামানিব পাৰে৷ তথাপি কওঁ ঃ নেতাই আইনসংগত নীতিৰে সিদ্ধান্ত গ্রহণ কৰি বিভাগীয় মন্ত্রী আৰু বিষয়াসকললৈ সেই নীতি কার্যকৰী কৰোৱায়৷ কিন্তু যেতিয়ালৈকে প্রতিটো গ্রহণ কৰা সিদ্ধান্ত ৰূপায়ণ নহয়, তেতিয়ালৈকে তেনে সিদ্ধান্তৰ ফলাফল আশাজনক হৈ নুঠে৷
তদুপৰি আৰু এটা বিষয়ে আমাৰ গণতান্ত্রিক মূল্যবোধ নাইকিয়া কৰিব বুলি ভয় খাই থাকোঁ৷ সেই বিষয়টো হ’ল ঃ দলবিলাকৰ মাজত সদস্য ক্রয়–বিক্রয়ৰ কাৰবাৰ৷ এনে ঘটনাই মানৱীয়, নৈতিক আৰু সামাজিক মূল্যবোধ ক্রমাৎ হানি কৰি সৎ–সতৰ পার্থক্য নোহোৱা কৰিব ঃ ই এটা অত্যন্ত ক্ষয়ংকৰী অৱস্থা দেশৰ মানুহৰ মাজত সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে৷ আমি এই অৱস্থা বিচাৰোঁনে? ধর্মৰ ওপৰত গুৰুত্ব দিয়া দলৰ এনে কার্য সনাতন ভাৰতীয় ধর্মই সমর্থন নকৰে৷