ধুবুৰী পৌৰসভাৰ গৌৰৱজ্জ্বল ১৪০ বছৰ: ১ এপ্ৰিলৰ পৰা সপ্তাহ যোৰা কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন
নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: অহা ১ এপ্ৰিলৰ পৰা সপ্তাহযোৰা কাৰ্য্যসূচীৰে উদযাপিত হ’ব ধুবুৰী পৌৰসভাৰ ১৪০তম প্ৰতিষ্ঠা দিৱস। উল্লেখ্য যে, প্ৰাক-স্বাধীনোত্তৰ যুগৰ ১৯৮৩ চনতেই স্থাপন হৈছিল ৰাজ্যৰ তৃতীয়তম পুৰণি এই পৌৰসভাখন। । প্ৰথম অৱস্থাত মাথো ৪টা ৱাৰ্ডৰে গঠিত হ’লেও পৌৰসভাখনৰ বিস্তৃতি বৃদ্ধি পাই বৰ্তমানে ১৬ টা ৱাৰ্ড হৈছে। ৪টা ৱাৰ্ডৰ পৰা পিছলৈ গৈ ৯টা ৱাৰ্ডলৈ বৃদ্ধি হৈছিল আৰু ১৯৭৭ চনৰ নিৰ্বাচনৰ আগে আগে ধুবুৰী পৌৰসভাৰ বিস্তৃতি পুনৰায় বৃদ্ধি পাই ১৬টা ৱাৰ্ড হয়গৈ। আৰম্ভণি হোৱাৰ কেই বছৰমানলৈ জিলা উপায়ুক্তগৰাকীয়েই ধুবুৰী পৌৰসভাৰ অধ্যক্ষৰ পদ অলংকৃত কৰিছিল। অৱশ্যে পিছলৈ গৈ জিলা উপায়ুক্তই পৌৰসভা ব’ৰ্ডৰ সভাত সময় দিবলৈ নোৱাৰা বাবে ১৯১৭ চনৰ ৫ জুনত ধুবুৰী পৌৰসভাৰ তদানীন্তন উপাধ্যক্ষ প্ৰয়াত উপেন্দ্ৰনাথ বসু অধ্যক্ষৰূপে নিৰ্বাচিত হয়। ইয়াতে উল্লেখনীয় এয়াও যে, ১৯৭৭ চনৰ আগলৈ ধুবুৰী পৌৰসভাৰ নিৰ্বাচন ৰাজনৈতিক দলবিহীন আছিল। ধুবুৰী পৌৰসভাৰ ইতিহাসত আটাইতকৈ দীৰ্ঘকালীন অধ্যক্ষ আছিল প্ৰয়াত প্ৰতুল ৰায়চৌধুৰী। তেখেতে ১৯৫১ চনৰ পৰা ১৯৬৬ চনলৈ তিনিবাৰকৈ ধুবুৰী পৌৰসভাৰ অধ্যক্ষ আছিল। ১৯৭২ চনত প্ৰয়াত ৰায়চৌধুৰী পুনৰ পৌৰসভাখনৰ অধ্যক্ষৰূপে নিৰ্বাচিত হৈছিল। বৰ্তমানে বিজেপিৰ দখলত থকা এই পৌৰসভাখন বিগত দুটাকৈ কাৰ্য্যকালতো বিজেপিৰ দখলত আছিল।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী