পাঠশালা নগৰ উন্নয়ন সমিতিৰ উদ্যোগত বৰ্দ্ধিত পৌৰকৰ প্ৰত্যাহাতৰ দাবীত নাগৰিক সভা
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ ৰাজ্য চৰকাৰে শেহতীয়াভাৱে পৌৰকৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে আজি পাঠশালা মজলীয়া বিদ্যালয় প্ৰাংগণত এখন নাগৰিক সভা অনুষ্ঠিত হয়৷ পাঠশালা নগৰ উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাখনত সভাপতিত্ব কৰে সমিতিৰ কাৰ্যকৰী সভাপতি মদন ৰয়ে৷ পাঠশালা নগৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব দেৱ চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা বিজন বায়ন, যুৱ নেতা ফনী পাঠক, পাঠশালা নগৰ সমিতিৰ প্ৰাক্তন সভাপতি ধীৰাজ ডেকা, সমাজকৰ্মী যোগেশ তালুকদাৰ, মহেন্দ্ৰ চৌধুৰী, অনুপ পাটোৱাৰী, জ্যোতিষ চৌধুৰী, বিনয় গোস্বামী, অতুল কলিতা, প্ৰফুল্ল কাকতি প্ৰমুখ্যে লোকসকলে অভাৱনীয় হাৰত বৰ্দ্ধিত পৌৰ কৰ প্ৰত্যাহাৰৰ দাবীৰে বক্তব্য আগবঢ়ায়৷ সভাত উপস্থিত অৰ্ধশতাধিক ৰাইজৰ সহমতত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ গৃহীত প্ৰস্তাৱ অনুসৰি এই বৰ্দ্ধিত পৌৰ কৰৰ প্ৰস্তাৱ অনতি পলমে বাতিল কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাই উচ্চহাৰত বৰ্দ্ধিত এই পৌৰকৰ কোনো কাৰণতে আদায় নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে এই বৰ্দ্ধিত উচ্চ নিৰিখৰ পৌৰকৰ প্ৰত্যাহাৰৰ দাবী জনাবলৈ অহা ২৯ মাৰ্চৰ দিনৰ ১১ বজাত পাঠশালা পৌৰসভা কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি বিভাগীয় মন্ত্ৰী, স্থানীয় বিধায়ক, প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এক দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্তৰ প্ৰস্তাৱ আজিৰ নাগৰিক সভাত গ্ৰহণ কৰা হয়৷ ইয়াৰোপৰি পাঠশালা পৌৰসভাৰ বকেয়া পৌৰকৰ আদায় দিয়াৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা সুতৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা