নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱালত শক্তি বিভাগৰ অবিবেচক কাণ্ডঃ ১৫দিনত গ্ৰাহকলৈ বিদ্যুতৰ বিল আহিল-২৫,৪০১টকা

নিয়মীয়া বাৰ্তা, ২৬মাৰ্চঃ ডিব্ৰুগড় জিলাৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপসংমণ্ডল (২) অন্তৰ্গত লাহোৱাল মৰাপাটৰ নিবাসী যোগেন গুৱালা নামৰ লোকজনৰ ঘৰলৈ বিদ্যুত বিভাগে ১৫দিনত বিদ্যুতৰ বিল ২৫,৪০১টকা প্ৰেৰণ কৰাত হতচকিত হৈ পৰিছে লোকজন ৷ কিয়নো জানিব পৰামতে ২০১৯বৰ্ষৰ পৰাই লোকজনে নিয়মীয়াকৈ বিদ্যুতৰ বিল কৰি আহিছে কিন্তু চলিত বৰ্ষৰ ১২মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ মাথো ১৫দিনত ২৫,৪০১টকা কেনেকৈ আহিল তাক লৈও এতিয়া হতভম্ব হৈ পৰিছে ৷ শক্তি বিভাগৰ কৰ্মচাৰীক গ্ৰাহকজনে কেনেকৈ ইমান টকা বিল আহিছে বুলি প্ৰশ্ন কৰাত বিভাগৰ লোকে নানা বেবেৰিবাং কথাৰে দায়সৰা মন্তব্য কৰা বুলিও জানিবলৈ দিছে ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এই কাণ্ডক এতিয়া জিলাপ্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে ডিব্ৰুগড়ৰ বিদ্যুত উপসংমণ্ডল (২)বিৰুদ্ধে প্ৰয়োজনত আইনৰ কাষ চাপিব বুলিও সংবাদ মাধ্যমক লোকজনে জানিবলৈ দিছে

You might also like