১০ বছৰীয়া কিশোৰীক দলবদ্ধ ধর্ষণ–হত্যা
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ উচ্চতম ন্যায়ালয়ে ধর্ষণ কৰি হত্যা কৰা দোষীক ফাঁচিৰ হুকুম জাৰি কৰাৰ সময়তে গোৱালপাৰা জিলাৰ লক্ষীপুৰত এজনী ১০ বছৰীয়া কশোৰীক পথাৰত ধর্ষণ কৰি পিছত নৃশংসভাৱে হত্যা কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, লক্ষীপুৰ থানাৰ অন্তর্গত এখন গাঁৱৰ ১০ বছৰীয়া কিশোৰী এজনী নিশা অইন বান্ধৱীৰ সৈতে আধা কিঃমিঃমান দূৰৈত ধর্মসভালৈ গৈছিল৷ নিশা ১২ বজালৈ কিশোৰীগৰাকী সভাত আছিল৷ নিশা বাৰ বজাৰ পিছত কিশোৰীজনী সভাস্থলীৰ পৰা নিৰুদ্দেশ হয়৷ আজি পুৱা পথাৰৰ মাজত সৰু খেৰৰ পঁজা এটাৰ কাষত কিশোৰীগৰাকীক মৃত অৱস্থাত পৰি থকা দেখা পাই গাঁৱৰে ব্যক্তি এগৰাকীয়ে পৰিয়ালক খবৰ দিয়ে৷ কিশোৰীগৰাকীৰ মৃতদেহ পথাৰত পৰি থকাৰ খবৰ পোৱাৰ পিছত তেওঁক চাবলৈ গাঁওবাসীৰ হেতা–ওপৰা লাগে আৰু গাঁওবাসীৰ মাজত হুৱাদুৱা লাগে৷ উল্লেখ্য যে কোনো অচিনাক্ত দুর্বৃত্তৰ দল এটাই কিশোৰীগৰাকীক নিশা সভাৰ পৰা ফুচুলাই নির্জন স্থানলৈ নিয়ে৷ পিছত পথাৰৰ মাজত থকা সৰু খেৰৰ পঁজা এটালৈ নি তাত দলবদ্ধভাৱে ধর্ষণ কৰি পিছত ধৰা পৰাৰ ভয়ত মুখত কাপোৰেৰে সোপা দি নৃশংসভাৱে হত্যা কৰে৷ আজি ধর্ষণ কৰা স্থানত তেজৰ চেকুৰা প্রত্যক্ষ কৰে স্থানীয় লোকে৷ আজি দুপৰীয়া স্থানীয় দণ্ডাধীশ প্রীতম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী আৰু লক্ষীপুৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দুর্লভ চন্দ্র দাস ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ পিছত আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহৰ লগতে তাত থকা অন্যান্য সামগ্রী জব্দ কৰি থানালৈ আনে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ ইপিনে আৰক্ষীয়ে এই ঘটনাৰ লগত জডিত থকাৰ সন্দেহত গাঁৱৰে জহিৰুল ইছলাম নামৰ যুৱক এজনক আটক কৰে৷