নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক জয়ৰ বাবে ২৭৪ ৰাণৰ প্ৰয়োজন

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ টীম ইণ্ডিয়া আৰু ঘৰুৱা দল নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন আজি অকলেণ্ডত অনুষ্ঠিত হৈছে৷ এই মেচখন বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াৰ বাবে মৰণপণ যুঁজ হিচাপে বিবেচিত হৈছে৷ শৃংখলাৰ প্রথমখন মেচত পৰাস্ত হোৱাৰ পিছত শৃংখলাটোত বর্তি থকাৰ বাবে কাইলৈৰ মেচখনত ভাৰতীয় দলটোৱে যিকোনো প্রকাৰে জয়লাভ কৰিবই লাগিব, অন্যথা ২–০ৰ অগ্রগতিৰে শৃংখলাটো হস্তগত কৰিব ঘৰুৱা দলটোৱে৷ টছত জিকি ভাৰতীয় দলে ফিল্ডিং সিদ্ধান্ত লয়। নিউজিলণ্ডে ৮ টা উইকেট হেৰুৱাই ২৭৩ ৰাণ সংগ্ৰহ কৰিছে।

You might also like