ৰাহুল গান্ধী নৈতিকভাৱে এজন দুর্নীতিগ্রস্ত ব্যক্তি : ড০ হিমন্ত বিশ্ব শৰ্মা
বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি বিৰোধী দলটোৱে আৰম্ভ কৰা প্রতিবাদ সন্দর্ভত সৰৱ হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৰাহুল গান্ধীক নৈতিকভাৱে এজন দুর্নীতিগ্রস্ত ব্যক্তি বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০১৩ চনত ৰাহুল গান্ধীয়ে দোষী সাব্যস্ত হোৱা সাংসদসকলক তৎক্ষণাত অযোগ্য ঘোষণা কৰিব নালাগে বুলি যি সংশোধনী আইন অনা হৈছিল তাৰ বিৰোধিতা কৰিছিল৷ ভূতপূর্ব প্রধানমন্ত্রী ড০ মনমোহন সিঙে এই সংশোধনী আইনখন অনাৰ সময়ত ৰাজহুৱা স্থানত ৰাহুল গান্ধীয়ে বিধেয়কখন ফালি দলিয়াই দিছিল৷ বর্তমান একেই ঘটনাৰ বাবেই কংগ্রেছ সভাপতি মল্লিকার্জুন খার্গেই প্রতিবাদী কার্যসূচী চলাই আছে৷ কংগ্রেছ সভাপতিজনৰ দাবী হ’ল– দোষী সাব্যস্ত হোৱাৰ লগে লগে সাংসদজনক অযোগ্য ঘোষণা কৰিব নালাগে৷ ২০১৩ চনত ৰাহুল গান্ধীয়ে এই আইনখনৰ বিৰোধিতা কৰিছিল, কাৰণ সেই সময়ত এই আইনৰ দ্বাৰা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালু যাদৱক অযোগ্য ঘোষণা কৰা হৈছিল৷ কিন্তু বর্তমান এই আইনৰ দ্বাৰা যেতিয়া ৰাহুল গান্ধী নিজেই অযোগ্য হ’ল, তেওঁ মল্লিকার্জুন খার্গেক প্রতিবাদী কার্যসূচী কৰাৰ পৰা বাধা দিব লাগিছিল, কিন্তু সেয়া তেওঁ কৰা নাই৷ গতিকে নৈতিকভাৱে তেওঁ এজন দুর্নীতিগ্রস্ত ব্যক্তি৷ একেই বিষয়ক লৈ তেওঁ ৰাজহুৱাভাৱে ভূতপূর্ব প্রধানমন্ত্রী ড০ মনমোহন সিঙক অপমানিত কৰিছিল, সেই একেই বিষয়ক লৈ তেওঁৰ দলৰ প্রতিবাদ কিয়? ৰাহুল গান্ধীয়ে ৰাইজক অৱগত কৰিব লাগিছিল যে মই পূর্বৰ স্থিতিত অটল আছোঁ৷ ইয়াৰ বিপৰীতে তেওঁ মল্লিকার্জুন খার্গেক প্রতিবাদ কৰিবলৈ প্রৰোচিত কৰি আছে৷ নৈতিকভাৱে সেয়েহে তেওঁ দুর্নীতিগ্রস্ত ব্যক্তি৷