নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপাললৈ চকু চিকিৎসাৰ বাবে ৰাজ্যৰ ৰোগী নিয়াত জড়িত বিশেষ চক্র : মন্ত্ৰী কেশৱ মহন্ত

বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ চকুৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বহু লোক নেপাললৈ যোৱাৰ আঁৰত এটা চক্র জড়িত হৈ আছে৷ এই কথা অসম বিধানসভাৰ মজিয়াত প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ চকুৰ উন্নত চিকিৎসাৰ বাবে নেপাল অথবা হাড়ৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ ৰোগী পাটনালৈ কিয় যাবলগীয়া হয় বুলি বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্রী মহন্তই কয়– ‘অসমত চৰকাৰী–বেচৰকাৰী উন্নত চিকিৎসাৰ যথেষ্ট ভাল ব্যৱস্থা আছে৷ কোনো মানুহ বাহিৰলৈ যোৱাৰ প্রয়োজন নাই৷ ইয়াত এটা চক্র আছে৷ এই চক্রটোৱে ব্যৱসায়টো তালৈ লৈ গৈছে৷ এবছৰৰ ভিতৰত চকুৰ ক্ষেত্রত উন্নত ব্যৱস্থা গঢ়ি তোলা হ’ব৷ সমান্তৰালভাৱে আন এটা প্রশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রকাশ কৰা অনুসৰি বর্তমান ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত্ থকা অধ্যাপক আৰু সহঃ অধ্যাপকৰ সংখ্যা হৈছে ১,৩৭১গৰাকী৷ ইয়াৰ বিপৰীতে পদৰ সংখ্যা হৈছে ১,৬৫৩টা৷ আনহাতে স্নাতকোত্তৰ আসনৰ ৫০ শতাংশই সর্বভাৰতীয় সংৰক্ষণৰ বুলি প্রকাশ কৰে মন্ত্রীগৰাকীয়ে৷ এই প্রসংগত তেওঁ কয়– ‘সর্বভাৰতীয় সংৰক্ষণ ৫০ শতাংশ হোৱা বাবে ৩৬০জন চিকিৎসক পাওঁ৷ ২০ লাখ পর্যন্ত বহু ধন নির্ধাৰণ কৰি কঠিন চর্ত আহ্বান কৰা হৈছে৷ মাজুলীত এগৰাকী ৰেডি’লিজিষ্ট নিযুক্তি দিছিলো৷ দুদিন কাম কৰিয়েই ২০ লাখ টকা জমা দি চাকৰি এৰি দিলে৷ ব্যক্তিগত নার্ছিং হোমে ২০ লাখ টকা দিয়ে৷ যাৰ বাবে তেওঁ ওলাই আহিল৷ অৱশ্যে স্বাস্থ্য খণ্ডৰ সমস্যাসমূহ সমাধানৰ বাবে স্বাস্থ্য উৎসৱ অনুষ্ঠিত কৰিব বিচৰা হৈছে বুলি তেওঁ সদৰী কৰে৷ প্রত্যেকজন মন্ত্রী–বিধায়কক এই উৎসৱত অংশগ্রহণ কৰি তথ্য সংগ্রহ কৰাৰ ক্ষেত্রত সহায় কৰিবলৈ মহন্তই আহ্বান জনায়৷ চিকিৎসকৰ পদোন্নতিৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা বুলি মন্তব্য কৰি তেওঁ কয়– ‘২০২২ চনত পদোন্নতি ব’ডৰ চাৰিবাৰ বৈঠক অনুষ্ঠিত হৈছে৷ যথেষ্ট চিকিৎসকক পদোন্নতি দিয়া হৈছে৷ আটাইকেইখন চিকিৎসা মহাবিদ্যালয়ক এটা পর্যায়লৈ লৈ যোৱা হৈছে৷’

You might also like