ধুবুৰীত বিহু অনুশীলনৰ প্ৰস্তুতিৰ পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ধুবুৰী পৌৰসভাৰ ১৪০ বছৰীয়া উদযাপনৰ আজিৰ উদ্বোধনী কাৰ্য্যসূচীত অংশ লোৱাৰ পিছত অভিভাৱক মন্ত্ৰীগৰাকীয়ে অহা ১৪ এপ্ৰিলৰ দিনা সৰুসজাইত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া “মেগা বিহু ইভেন্ট”ত অংশগ্ৰহণ কৰাৰ বাবে ধুবুৰীৰ পৰা নিৰ্বাচিত হোৱা ৫০গৰাকী বিহুৱা-বিহুৱতীসকলৰ অনুশীলন আৰু প্ৰস্তুতিৰ বুজ লয়। অনুশীলনথলীত দিয়া নিজৰ এক চমু ভাষণত “গীনিজ ৱৰ্ল্ড ৰেকৰ্ডে”ই নহয়; আগত বছৰবোৰত বিহুক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যটনৰ এক নতুন সম্ভাৱনাময় দ্বাৰ মুকলি কৰাৰ বাবে চৰকাৰৰ পৰিকল্পনা থকা বুলিও কয় কৰে অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তাৰ পিছত ধুবুৰীৰ পৰা পোনে পোনে ৰূপসী বিমানবন্দৰৰ পৰা বিমানেৰে গুৱাহাটীলৈ যাত্ৰা কৰে তেওঁ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী