নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বিহুনৃত্য-ঢোল বাদন কৰ্মশালাৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ ৰঙালী বিহু এই বৰ্ষও কামৰূপ জিলাৰ বকোত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত পালনৰ প্ৰস্তূতি চলিছে। এই বেলি বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ৫৫ সংখ্যক বৰ্ষৰ বাবে বিহুৰ আয়োজন কৰিব। সেই উপলক্ষে আজি বিহু উদযাপন সমিতিৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ কিশোৰ কিশোৰীৰ আৰু যুৱক যুৱতীৰ অংশগ্ৰহণত আয়োজন কৰে বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালা এখন। আজি বকো আঞ্চলিক ৰঙালী বিহু সন্মিলন উৎযাপন স্থলীত এক জনসমাগমৰ মুহুৰ্তত বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকোৰ বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি তথা প্ৰবীণ শিল্পী যতীন পাঠকে আৰু সহযোগ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰীয়ে। ৫৫সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলন উৎযাপন সমিতিৰ সভাপতি ধনঞ্জয় মেধিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালাৰ কাৰ্য্যসূচীৰ আত ধৰে বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক গোবিন্দ দলৈয়ে। বিহু প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাবে উপস্থিত থাকে পবিত্ৰ বৰুৱা, ইন্দিৰা বৰ্মন, জুনু দাস আৰু উমাকান্ত দাসৰ উপৰিও বহু কেইজন প্ৰশিক্ষক। বিহু প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভণী অনুস্থানত উপস্থিত থাকে বিহু উদযাপন সমিতিৰ উপদেষ্টা সুৰেণ চন্দ্ৰ কলিতা, কামদেৱ কলিতা, জয়দেৱ অধিকাৰী, গীৰিন্দ্ৰ কুমাৰ চৌধুৰী, ছামাদ আলী, মনোৰঞ্জন কলিতাকে ধৰি বহুসংখ্যক বিশিষ্ট অতিথি। বিহু প্ৰশিক্ষণ কৰ্মশালাত প্ৰায় দুই শতাধিক শিক্ষাৰ্থীয়ে যোগদান কৰে। বিহু উদযাপন সমিতিৰ উপ সভাপতি পৱন কলিতাই জনোৱা মতে ; আজিৰ পৰা ১২ এপ্ৰিললৈ চলিব কৰ্মশালা খন।

প্ৰেৰক  বিষ্ণু ৰাম দাস

You might also like