গোৱালপাৰাৰ শিংৰামাৰী বালাপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গ্ৰাহকৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ পূৱ গোৱালপাৰাৰ সূতাৰপাৰা অঞ্চলৰ শিংৰামাৰী বালাপাৰাত আজি বিদ্যুৎ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ গাঁৱখনৰ বিদ্যুৎ গ্ৰাহক সকল একত্ৰিত হৈ হাতে-হাতে বৈদ্যুতিক পাংখা,মিটাৰ আদি বিভিন্ন সামগ্ৰী লৈ ৰাজপথতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে বিগত দুমাহ ধৰি বালাপাৰা গাওঁত বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰ বিকল হৈ থকাৰ বাবে গাওঁখনত বিদ্যুৎ নাই, ফলত স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ পঢ়া শুনাৰ অসুবিধা হোৱাৰ সমান্তৰালকৈ সন্ধিয়া লাগিলেই সকলোৰে গ্ৰাহাস্থ্য কৰ্মতো বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। আনহাতে এই সম্পৰ্কে দূধনৈ বিদ্যুৎ উপসংমণ্ডল বিষয়া ৰাকেশ বসমুতাৰীক একাধিক বাৰ অৱগত কৰিও কোনো ধৰণৰ সুফল পোৱা নাই বুলিও একাংশই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে। গাওঁখনৰ সৰহ সংখ্যক গ্ৰাহকৰ বিদ্যুৎ মাচুলৰ প্ৰায়খিনি নিয়মীয়াকৈ দি থকাৰ পাছতো কিহৰ বাবে দুমাহ কাল গাওঁ খনত বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰ টো সলাই দিয়া নহ’ল ,সেয়া সকলোৰে বাবে এক উত্তৰহীন প্ৰশ্ন বুলিও বহুতেই মন্তব্য কৰিছে। সেয়েহে প্ৰতিবাদকে শেষ ভৰসা হিচাপে লৈ হাতে হাতে ফেন,টিভি,বিদ্যুৎ মিটাৰ লৈ বিদ্যুৎ বিভাগ হায় হায়,দূধনৈ এছ,ডি,অ’ হায় হায়,বিদ্যুৎ মন্ত্ৰী গ’বেক’ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ উপৰি সংশ্লিষ্ট বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ জুমুঠি দাহ কৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত গ্ৰাহকে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে শীঘ্ৰে গাওঁ খনত ট্ৰান্সফৰ্মাৰৰ ব্যৱস্থা কৰি নিয়মিত বিদ্যুৎ যোগানৰ ব্যবস্থা কৰিবলৈ বিভাগীয় মন্ত্ৰীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনায়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস