নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট সাহিত্য সভাৰ সম্বর্ধনা অনুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ১ এপ্রিল : ‘অসম সাহিত্য সভাৰ মূল চালিকা শক্তি হ’ল শাখা সভাসমূহ। শাখাসমূহ শক্তিশালী হ’লেই অসম সাহিত্য সভা শক্তিশালী হ’ব।’ পূর্বৰ পৰম্পৰা অনুসৰি ঐতিহ্যমণ্ডিত যোৰহাট সাহিত্য সভা (শতদল)ৰ উদ্যোগত আজি আয়োজিত এক সম্বর্ধনা অনুষ্ঠানত সম্বর্ধনা গ্ৰহণ কৰি এই দৰে কয় অসম সাহিত্য সভাৰ নৱ নির্বাচিত সভাপতি ড০ সূর্যকান্ত হাজৰিকাই। যোৰহাট সাহিত্য সভাৰ সভাপতি ড০ দীপালি খাৰঘৰীয়া কলিতাৰ সঞ্চালনাত বিয়লি তিনি বজাৰ পৰা চন্দ্রকান্ত সন্দিকৈ ভৱনত আয়োজিত সম্বর্ধনা অনুষ্ঠানত সভাৰ তিনিও গৰাকী মূল বিষয়ববীয়া ক্রমে সভাপতি ড০ সূর্যকান্ত হাজৰিকা, উপ সভাপতি ডা: গিৰিশ সন্দিকৈ, প্রধান সম্পাদক ড০ উপেন্দ্রজিৎ শর্মাক গামোচা, সম্বর্ধনা পত্র, ফুলাম জাপি, স্মাৰক আদিয়ে সম্বর্ধনা জ্ঞাপন কৰা হয় । তদুপৰি উত্তৰ-পশ্চিম যোৰহাটৰ বেলগুৰিৰ সূর্যোদয় সাংস্কৃতিক বিকাশ কেন্দ্রৰ এটা প্রতিনিধি দলেও সম্বর্ধনা জ্ঞাপন কৰে। যোৰহাট সাহিত্য সভাৰ প্রাক্তন সভাপতি ৰাজা চক্রৱর্তীয়ে আদৰণি ভাষণ প্রদান কৰা আৰু সম্পাদক অজন্ত কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক প্রতাপ চন্দ্র বৰুৱা , জিলা সভাপতি ভৱ গোস্বামী, সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাৰ উপৰি কেন্দ্রীয় কর্যনির্বাহকৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানতে যোৰহাট সাহিত্য সভাৰ বার্ষিক প্রতিবেদনখনো উন্মোচন কৰা হয়।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like