নলবাৰীৰ ঘগ্রাপাৰত ‘কা’ নালাগে ধ্বনি দি গণৰোষত পৰিল কণ্ঠশিল্পী বাবু বৰুৱা
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ জনপ্রিয় কণ্ঠশিল্পী বাবু বৰুৱাই যোৱানিশা নলবাৰী জিলাৰ ঘগ্রাপাৰৰ ওচৰৰ আকনা বামুণগাঁৱৰ শ্রীশ্রী গোপালধাম সনাতন আশ্রমত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতে ‘কা’ আমাক নালাগে’ বুলি ধবনি দি ৰাইজৰ ৰোষত পৰে৷ ঘটনাটোত অঞ্চলটোত তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ এটা সময়ত ৰাইজ ইমানেই উত্তেজিত হৈ পৰে যে শিল্পীগৰাকীয়ে ধর্মীয় অনুষ্ঠানত কিয় ৰাজনৈতিক শ্লোগান দিব, সেই প্রশ্ন উত্থাপন কৰে৷ আনকি শিল্পীগৰাকীক জয় শ্রীৰাম ধবনি দিবলৈ বাধ্য কৰায়৷ উল্লেখ্য যে নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ অন্তর্গত আকনা বামুণগাঁৱৰ শ্রীশ্রী গোপালধাম সনাতন আশ্রমত তিনিদিনীয়াকৈ অনুষ্ঠিত ভগৱান গোপাল মহোৎসৱত কালি নিশা ৯ বজাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত গাবলৈ আমন্ত্রণ কৰিছিল জনপ্রিয় কণ্ঠশিল্পী বাবু বৰুৱাক৷ যথা সময়ত শিল্পীগৰাকীয়ে মঞ্চত উপৱিষ্ট হৈ এটাৰ পাছত আনটো গীত পৰিৱেশন কৰে৷ তাৰ মাজতে ‘কা’ আমাক নালাগে’ বুলি মাইকত কোৱাৰ লগে লগে জাঙুৰ খাই উঠিল এচাম দর্শক৷ মঞ্চত এজন দর্শক উঠি শিল্পীগৰাকীৰ পৰা মাইকটো আনি প্রশ্ণ কৰে– আপুনি এই ধর্মীয় অনুষ্ঠানত কি কাৰণত ৰাজনীতিৰ শ্লোগান দিলে৷ লগে লগে পৰিস্থিতি উত্তেজনাপূর্ণ হৈ পৰে৷ উপস্থিত শ্রোতা–দর্শকে ‘কা’ সম্পর্কে কোনো ধৰণৰ মন্তব্য নকৰিবলৈ শিল্পীগৰাকীক দাবী জনায়৷ পৰিস্থিতিৰ উত্তেজনা দেখি শিল্পীগৰাকীয়ে ক্ষমা খুজিবলৈ বাধ্য হয় যদিও সাংস্কৃতিক অনুষ্ঠানটোৰ ভিতৰি ভিতৰি তীব্র উত্তেজনা বিৰাজ কৰে৷ তথাপি মহোৎসৱ পৰিচালনা সমিতিৰ তৎপৰতাত শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰে৷ পাছত ঘগ্রাপাৰ আৰক্ষী আৰু চি আৰ পি এফৰ সহযোগত শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান ত্যাগ কৰে৷ ইপিনে, ধর্মীয় অনুষ্ঠানত শিল্পীগৰাকীয়ে কি কাৰণে ৰাজনৈতিক শ্লোগান দি ৰাইজৰ ৰোষত পৰিব লগা হ’ল, সেয়া ৰাইজৰ মাজত চর্চা চলি আছে৷ উল্লেখ্য যে সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰে সদৌ অসম কলিতা জনগোষ্ঠীৰ কোষাধ্যক্ষ প্রতুল কলিতাই৷ উল্লেখ্য যে যোৱা ৪, ৫ আৰু ৬ ফেব্রুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত ভগৱান গোপাল মহোৎসৱৰ সভাৰ প্রথম দিনা পুৱা দ্বাৰ মুকলি কৰে মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ চন্দ্র মেধিয়ে৷ ধর্মীয় পতাকা উত্তোলন কৰে বৈষ্ণৱ প্রহ্লাদ ৰাজবংশীয়ে৷ আনহাতে, বৃহত্তৰ ঘগ্রাপাৰ অঞ্চলৰ ২৩গৰাকী বিশিষ্ট নাগৰিকে ২৩খন পতাকা উত্তোলন কৰে৷ ভাগৱত ভ্রমণ উদ্বোধন কৰে সদৌ অসম কলিতা জনগোষ্ঠীৰ সাধাৰণ সম্পাদক ডাঃ ৰমেন কুমাৰ কাকতিয়ে৷ নিশা মহিলাৰ নাগাৰানাম পৰিৱেশন কৰে ছিপাঝাৰৰ মৰমী শইকীয়া আৰু গোৰেশ্বৰ ৰামপুৰৰ উর্বশী ৰাজবংশীয়ে৷ ৫ ফেব্রুৱাৰীত পুৱা আয়তীৰ দিহানাম প্রতিযোগিতা আৰু সন্ধিয়া নাচ প্রতিযোগিতা অনুষ্ঠিত হয়৷ ৬ ফেব্রুৱাৰীত পুৱা ভেশচন প্রতিযোগিতা, বৃক্ষৰ পুলি ৰোপণ, খেল– ধেমালি আৰু আয়তীৰ নাম৷ আবেলি বৰাজোল প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক যোগেশ পাঠকে সভাপতিত্ব কৰা ধর্মালোচনী সভাত পৰশুৰাম দাস, শিক্ষক লোহিত দাস, শিক্ষাবিদ হৰেন দাস আৰু সত্রাধিকাৰ শান্তিৰ প্রবক্তা আচার্য মথুৰামোহন তালুকদাৰে ভাষণ দিয়ে৷