নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৎস্য ব্যৱসায়েৰে স্বাৱলম্বী এচাম শিক্ষিত যুৱক

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ

ঘনকান্ত বৰা, কঠীয়াতলী

           নগাঁও জিলাৰ ৰাঙলু বজাৰ পাচলি শস্যৰ বাবে অসম বিখ্যাত৷ তাৰ লগে লগে মাছৰ বাবেও বিখ্যাত হৈ পৰিছে৷ এচাম শিক্ষিত যুৱকে আৰম্ভ কৰিছে মৎস্য ব্যৱসায়৷ ৰাঙলু বজাৰত নজিবুৰ ৰহমানৰ কিছু ভূমি ভাৰা হিচাপে লৈ ১০টা কাঁটাৰ জৰিয়তে হোৱা মাছ নগাঁও জিলাৰ বিভিন্ন ঠাই আৰু মৰিগাঁও জিলাৰ পৰাও পুৱা ৫ বজাৰ ভিতৰত মিনি ট্রাকবোৰৰ দ্বাৰা এই কাঁটাসমূহলৈ আহে আৰু ইয়াৰ পৰাই ডাকৰ জৰিয়তে মাছবোৰ ক্রয় কৰি ব্যৱসায়ীসকলে বিভিন্ন ঠাইলৈ লৈ যায় বিক্রীৰ বাবে৷ এইদৰে বহু খুচুৰা ক্ষুদ্র ব্যৱসায়ী উপকৃত হৈ পৰিয়ালক ভৰণ–পোষণ দিয়াত সক্ষম হৈছে৷ পুৱা ৫ বজাৰ লগে লগে বজাৰখন খুচুৰা ব্যৱসায়ীসকলৰ ভিৰ দেখি আচৰিত লাগে৷ হাজাৰজনে চাইকেল, বাইক, সৰু গাড়ী লৈ মাছবোৰ কাঁটাৰ ডাকত লৈ জিলাখনৰ প্রান্তে প্রান্তে বিক্রীৰ বাবে লৈ যায়৷ ইয়াত বিভিন্ন জাতৰ মাছ যেনে– ৰৌ, বাহু, চিতল, বৰালি, আৰি, শ’ল, কমনকার্প, গ্রাছকার্র্প, মিৰিকা, ভাঙন, মালি, মাগুৰ, শিঙি, পুঠি, মোৱা, গৰৈ, কাৱৈ লগতে বিভিন্ন জাতৰ মাছ সুলভ মূল্যত পাব পাৰি৷
চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱা এচাম শিক্ষিত নিবনুৱাৰ স্বাৱলম্বী হোৱাৰ চিন্তাৰ ফচল ৰূপে ২০১৩ চনতে আৰম্ভ কৰে এই মাছৰ বজাৰখন৷ বর্তমান দৈনিক ৪০–৫০ কুইণ্টল থলুৱা মাছ ইয়ালৈ আহে আৰু ১৫–২০ লাখ টকাৰ আদান–প্রদান হয়৷ বজাৰখন পুৱা ৫ বজাত আৰম্ভ হয় আৰু ৮ বজাত শেষ হয়৷ মাত্র ৩ ঘণ্টাৰ ভিতৰতে দিনটোৰ ক্রয়–বিক্রয়ৰ কাম সমাপ্ত হয়৷ ২০১৩ চনৰ পৰা এই ব্যৱসায়ৰ দ্বাৰা ৰাঙলু বজাৰৰ এটি সুকীয়া পৰিচয় দাঙি ধৰিছে এই শিক্ষিত যুৱককেইজনে৷ ইছাহক আলী এজন স্নাতক ডিগ্রীধাৰী৷ তেওঁৰ নিজা এখন কাঁটা আছে৷ এটা দিনৰ খন্তেক ব্যৱসায়ত ৫০০ৰ পৰা ১,০০০ টকা পাবলৈ সক্ষম হয়৷ তেওঁৰ কাঁটাখনৰ ৩নং ষ্টাৰ মাছৰ কাঁটা৷ লগত সংগী হিচাপে আছে ফকৰুদ্দিন নামৰ এজন যুৱক৷ ২নং মাছৰ কাঁটাখনৰ পৰিচালনা কৰে হাফিজ উদ্দিন, ৰফিকুল ইছলাম আৰু পকৰুল ইছলামে৷ কাঁটাখনৰ নাম দিছে মা–বাবাৰ আশীর্বাদ৷ ৫নং মাছৰ কাঁটাৰ পৰিচালক উৱাজউদ্দিন আৰু নজৰুল ইছলাম৷ ৬নং কাঁটাৰ ব্যৱসায় কৰে নুৰুল আমিন, আব্দুল মজিদ (স্নাতক ডিগ্রীধাৰী) আৰু লুকমান হেকিমে৷ ৭নং মাছৰ কাঁটাখন চলাই মোঃ ইন্নুছ আলীয়ে৷ ফাৰুক হুছেইন আৰু মঃ আব্দুল ছালামে চলায় ৮নং মাছৰ কাঁটা৷ ৯ নং মাছৰ কাঁটা পৰিচালনা কৰে আব্দুল মতিন, মঃ ইকবাল হুছেইন আৰু মঃ নুৰউদ্দিনে৷ ১০ নং কাঁটাত থাকে আব্দুল হেকিম মুঞ্চি, ইমদাদুল ইছলাম আৰু ছৰিফুল ইছলামে৷ ১নং মাছৰ কাঁটা চলাই স্বাৱলম্বী হৈছে আব্দুল আলী (স্নাতক ডিগ্রীধাৰী) আৰু আব্দুল হামিদে৷ যি সময়ত অসমৰ লাখ লাখ শিক্ষিত যুৱকে এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি ফুৰিব লগা হৈছে, সেই সময়ত ৰাঙলুৰ এইসকল যুৱক নিবনুৱাসকল পথ প্রদর্শক হ’ব পাৰিছে৷ এই যুৱকসকলৰ প্রেৰণাতে মৰিগাঁও, নগাঁও আদিৰ মীন পালকসকলও উৎপাদিত মাছ বিক্রী কৰা এখন নিশ্চিত বজাৰ পাবলৈ সক্ষম হৈছে৷ ৰাঙলুৰ মাছৰ পাইকাৰী বজাৰে অসমৰ সকলো প্রান্তৰে মাছ ক্রয়–বিক্রয় হোৱাত সকলোৰে মনত এটি আশাৰ সঞ্চাৰ হৈছে৷ যাতে শিক্ষিত নিবনুৱাসকলে জীৱন নির্বাহৰ কৰাল গৰাহৰ পৰা ৰক্ষা পৰে৷ আনহাতে এই মাছৰ বজাৰখনৰ দ্বাৰা উপকৃত হৈ চাহৰ দোকান, পাণ দোকান আৰু অন্যান্য ক্ষুদ্র ব্যৱসায়ীসকলৰো জীৱন নির্বাহৰ পথ মুকলি হৈছে৷

You might also like