ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিৰ দায়িত্বত ৰাছিয়া
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ইউক্রেইন যুদ্ধত অসংখ্য নিৰীহ লোকক হত্যা কৰাৰ অভিযোগ উঠিছে ৰাছিয়াৰ বিৰুদ্ধে৷ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে আন্তর্জাতিক অপৰাধ আদালতে৷ সমগ্র ইউক্রেইনত ধ্বংসলীলা চলোৱা বাবে পাশ্চাত্যসহ বহু দেশৰ গৰিহণাৰ সন্মুখীন হৈছে ৰুছ ৰাষ্ট্রপতি পুটিন৷ এইবোৰ সত্ত্বেও ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে ৰাছিয়াই৷ ৰাছিয়াক বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ শীর্ষ গোটত সভাপতিৰ দায়িত্ব প্রদান কৰা বিষয়টোক লৈ ক্ষোভ প্রকাশ কৰিছে ইউক্রেইনে৷ ইউক্রেইনৰ বিদেশ মন্ত্রী ডিমিট্রি কুলেবাই উল্লেখ কৰিছে যে ১ এপ্রিলৰ দিনটোত এক ভয়াৱহ কৌতুক সৃষ্টি কৰিলে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে৷