নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশ বাণিজ্য সম্প্রসাৰণত চীনৰ সৈতে প্রতিদ্বন্দ্বিতাত নামিব ভাৰত

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল: মহাকাশ বাণিজ্যত চীনৰ সৈতে প্রতিদ্বন্দ্বিতাত নামিব ভাৰত৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ তত্ত্বাৱধানত বিগত কেইবাবছৰ ধৰি চলিছে ইয়াৰ প্রস্তুতি৷ আর্থিক চুক্তিৰ ভিত্তিত ধাৰাবাহিকভাৱে বিদেশী কৃত্রিম উপগ্রহ মহাকাশলৈ প্রেৰণ কৰা হৈছে৷ এইবাৰ সেই প্রক্রিয়া অধিক বাণিজ্যমুখী কৰাৰ সিদ্ধান্ত লৈছে ইছৰোৱে৷ মহাকাশ বাণিজ্যৰ উজ্জ্বল সম্ভাৱনাৰ কথা প্রথম তুলি ধৰিছিল ধনকুবেৰ এলন মাস্কৰ সংস্থা স্পেচ এক্সে৷নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ধাৰাবাহিকভাৱে আন্তর্জাতিক মহাকাশ ষ্টেচনলৈ প্রয়োজনীয় সৰঞ্জাম আনকি মহাকাশচাৰীৰ খাদ্য সৰবৰাহৰ কামো কৰিছিল মাস্কে৷ এইবাৰ ভাৰতে বাণিজ্যিক দিশটোত অধিক গুৰুত্ব প্রদান কৰিছে৷

You might also like