নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বিৰুদ্ধে ষডযন্ত্র: কোকৰাঝাৰ এছ–টি–চিত ফুটবল নাথাকিব

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল: ভাৰতীয় ক্রীডা প্রাধিকৰণ (ছাই)–এ শেহতীয়াকৈ জাৰি কৰা এখন জাননীমর্মে কোকৰাঝাৰত থকা এছ–টি–চিৰ পৰা ফুটবল আৰু কাবাদী ইভেণ্ট কর্তন কৰিব খোজা হৈছে৷ উঠাই দিয়া হৈছে ছোৱালীৰ টাইকোৱানড’ ইভেণ্ট৷ সেইদৰে লখিমপুৰৰ সলালগাঁৱত ২০২১ চনত মুকলি কৰা স্প’টছ ট্ৰেইনিং চেণ্টাৰটোৰ পৰাও ফুটবল আৰু বক্সিং ইভেণ্ট দুটা আঁতৰোৱা হ’ব বুলি জাননী জাৰি কৰা হৈছে৷ জাননীখনত স্বাক্ষৰ কৰিছে ছাইৰ অপাৰেচন বিভাগৰ কার্যবাহী সঞ্চালক এম এছ ভাৰুগীজে৷

অসমৰ জনপ্রিয় আৰু বহু সফলতা অর্জন কৰা খেলবিধেই হ’ল ফুটবল৷ আনহাতে ৰাজ্যৰ ফুটবলৰ অন্যতম কেন্দ্রই হ’লগৈ কোকৰাঝাৰ৷ কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ৰ প্রতিবেদনৰ ভিত্তিত ২০০৬ চনত কোকৰাঝাৰত ‘ছাই’ৰ জৰিয়তে বৃহৎ অঞ্চলজুৰি ক্রীডা কেন্দ্র গঢ়ি তোলা হৈছিল৷ তাৰ পাছতেই সেই কেন্দ্রৰ পৰা হলিচৰণ নার্জাৰীৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ভাৰতীয় দলৰ অধিনায়িকা হোৱা অপূর্ণা নার্জাৰীলৈকে অসংখ্য খেলুৱৈয়ে ৰাজ্যিক দলততো কথাই নাই, ৰাষ্ট্রীয় দলকো প্রতিনিধিত্ব কৰি আহিছে৷ তেনেস্থলত সেই কোকৰাঝাৰ কেন্দ্রৰ পৰা ফুটবল ইভেণ্ট কর্তন কৰিব খোজাটো স্বাভাৱিকতে আশ্চর্যজনক৷ লখিমপুৰৰ কেন্দ্রটোক চালুকীয়াই বুলিব পাৰি৷ ২০২১ চনত তেতিয়াৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ উপস্থিতিত কেন্দ্রীয় ক্রীডা মন্ত্রী কিৰেণ ৰিজিজুৱে মুকলি কৰা সেই কেন্দ্রত ভাৰোত্তোলন, বক্সিং আৰু ফুটবলৰ প্রশিক্ষণ দিয়া হৈছিল৷ কিন্তু ৫ এপ্রিলত জাৰি কৰা জাননীমর্মে এতিয়া ফুটবল আৰু বক্সিং উঠাই দিয়া হ’ব৷

জাননীখনত স্বাক্ষৰ কৰিছে ছাইৰ অপাৰেচন বিভাগৰ কার্যবাহী সঞ্চালক এম এছ ভাৰুগীজে৷ আচলতে শেহতীয়া জাননীখনেই নহয়, ৰাজ্যত ৰূপায়িত হৈ থকা ‘ছাই’ৰ বিভিন্ন আঁচনিসমূহৰো এক পর্যালোচনাৰ প্রয়োজন হৈ পৰিছে৷ সেয়া লাগিলে ‘ছাই’ৰ নিজা পর্যবেক্ষণেই নহওক৷ তিনিচুকীয়া কেন্দ্রত ছিনথেটিক ট্ৰেক বহুওৱাৰ কাম আজি ৬–৭ বছৰেও সম্পূর্ণ নহ’ল৷ তাৰবাবে গুদামত ৰাখি থোৱা বিভিন্ন সা–সামগ্রী নষ্ট হোৱাৰো শংকা নথকা নহয়৷ গোলাঘাটত থকা কেন্দ্রটোৰো অৱস্থা সন্তোষজনক নহয়৷ আন নালাগে, গুৱাহাটীৰ আঞ্চলিক কেন্দ্রটোৰ সক্রিয়তা সম্পর্কতেই প্রশ্ণ উঠে৷

You might also like