পাঠশালাত অসমী বহাগী মেলা উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
- এইবাৰ বিহুত অসমীয়া জিয়ৰী বোৱাীয়ে পিন্ধিব কৃষ্ণ চুড়াৰ গুটি, হাইঠাৰ গুটি, চন্দনৰ গুটি, বাহৰে নিৰ্মিত অলংকাৰ
- পাঠশালাত অসমী বহাগী মেলা উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
- পাটাছাকুছি সমষ্টিত ১ কোটি ৩০ লাখ টকা বিতৰণ
নিয়মীয়া বাৰ্তা, ৯এপ্ৰিলঃ সাধাৰণতে আমাৰ চাৰিওপিনে উভৈনদীকৈ পোৱা যায় কৃষ্ণচুড়া, হাইঠা, বাহ, চন্দন আদি বিভিন্ন গছ৷ আৰু এই গছসমূহৰ গুটিৰ পৰা এজাক মহিলাই নিৰ্মাণ কৰি উলিয়াইছে বৰ্তমানৰ জীয়ৰী বোৱৰীয়ে পিন্ধিব পৰা আধুনিক ডিজাইনৰ সুন্দৰ সুন্দৰ অলংকাৰ৷ আজি পাঠশালাত অসম ৰাজ্যিক গ্ৰামীণ জীৱীকা মিচন অভিযান বজালী জিলা প্ৰকল্প প্ৰৱন্ধন গোটৰ উদ্যোগত আয়োজন কৰা অসমী বহাগী মেলাত দেখা গ’ল মহিলাসকলৰ এনেকুৱা ব্যতিক্ৰম পদক্ষেপ৷ বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত নন্দিনী আত্ম সহায়ক গোটৰ বিজয়া ৰয়, তুলিকা দত্ত, মিতু দত্ত, দীপামনি দাস, অনিমা দাস, গিতুমনি কলিতা, দিপীকা দেৱী, মৌচুমী দেৱী আদিকে ধৰি কেবাগৰাকীয় মহিলাই এনেকুৱা আধুনিক জিজাইনৰ অলংকাৰ নিৰ্মাণ কৰি বিক্ৰী কৰা দেখা গ’ল পাঠশালা হৰিমন্দিৰ প্ৰাঙ্গণত আজিৰ পৰা তিনিদিয়াকৈ আয়োজন কৰী অসমী বহাগী মেলাত৷ ইয়াৰ উপৰিও বিহুৱান, গামোচা, আসমীয়া সাজপাৰ, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, বিভিন্ন ধৰণৰ পিঠা, মাহ কৰাই, গুৰা সান্দহ আদি বিভিন্ন সামগ্ৰী ঘৰতে তৈয়াৰ কৰি প্ৰায় ২২টা আত্মসহায়ক গোটে এই বহাগী মেলাত অংশগ্ৰহণ কৰিছে৷ এই সকলোবোৰ তদৰক কৰিছে অসম গ্ৰামীন জীৱীকা মিচনৰ বজালীৰ জিলাৰ প্ৰবন্ধক চন্দন তালুকদাৰে৷ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱীকা অভিযান বজালীৰ উদ্যোগত আয়োজন কৰা অসমী বহাগী মেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পাটাছাকুছি সমষ্টিৰ বিধায়ক তথা জেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ চন্দন তালুকদাৰে আঁত ধৰা অনুষ্ঠানত মন্ত্ৰী দাসে কয় যে আজি পাঠশালাত উদ্ধোধন কৰা এই অসমী বহাগী মেলা অসমৰ সকলো ঠাইতে অসম জীৱীকা মিছনৰ অধীনত আয়োজন কৰা হব৷ আনহাতে অসমৰ মহিলা আত্মসহায়ক গোটসমূহে উৎপাদন কৰা সমগ্ৰী বিক্ৰী কৰি জীৱীকাৰ সন্ধান দিয়া আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰাই এই মেলাসমূহৰ মুল উদ্দেশ্য বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ অসমৰ ৩ লাখ আত্মসহায়ক গোটৰ ৩০লাখ সদস্যই উৎপাদিত কামত নিয়োজিত হলে অসমে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশেষ ভুমিকা গ্ৰহণ কৰিব বুলি জানিবলৈ দি ভাষণ প্ৰসঙ্গ মন্ত্ৰীগৰাকীয়ে কয় যে বজালীত উৎপাদিত সামগ্ৰীসমুহত বজালীমাৰ্কা বুলি চিহ্নিত কৰা হব৷ অনুষ্ঠানত বজালী জিলা পৰিষদৰ সভাপতি ৰঞ্জিত শালৈয়েও ভাষন প্ৰদান কৰে৷ পাঠশালা হৰিমন্দিৰত আয়োজন কৰা এই উদ্বোধনী অনুষ্ঠানত বজালীৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পংকজ দ্বিবেদী, পাঠশালা পৌৰসভা পৌৰপতি জলি চৌধুৰী, ৱাৰ্ড কমিচনাৰ মিনি কলিতা আদি উপস্থিত থাকে৷ ইপিনে পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক আজি মন্ত্ৰীগৰাকীয়ে ১ কোটি ৩০ লাখ টকাৰ অনুদান বিতৰণ কৰে৷ বজালীৰ অতিৰিক্ত উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সভাৰ জৰিয়তে পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত ১৮ টা অনুষ্ঠান-প্ৰতিষ্ঠানক মুঠ ১ কোটি টকা অনুদানৰ অনুমোদন পত্ৰ বিতৰণ কৰে৷ আনহাতে সমষ্টিটেৰ অন্তৰ্গত অনুসূচিত জাতি অধ্যূষিত মুঠ ৬ টা নামঘৰলৈ ৫ লাখ টকাকৈ অনুদান আগবঢ়ায়৷
প্ৰেৰকঃ কল্যাণ কলিতা