নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপৰ আছাম পেট্র’কেমিকেল্ছ লিমিটেডৰ মিথানল প্রকল্পত ৰাজ্য চৰকাৰৰ বৃহৎ বিনিয়োগ

  • জিডিপিৰ বিকাশৰ বাবে অসমত উদ্যোগী অহা আৰম্ভ হৈছে– মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: এইবাৰ ৰঙালী বিহুৰ প্রথম দিনটোতে ৰাজ্যৰ উদ্যোগীকৰণ আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্রত এক নতুন দিগন্তৰ সূচনা হ’ব৷ অসম চৰকাৰে এটা দশক পিছত ৰাজহুৱা খণ্ডৰ উদ্যোগত বৃহৎ বিনিয়োগ কৰাৰ লগতে পথ যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় আৰু গতিশীল কৰাৰ বাবে ব্রহ্মপুত্রৰ ওপৰত পলাশবাৰী আৰু শুৱালকুছি সংযোগী দলঙৰো নির্মাণকার্যৰ শুভাৰম্ভ কৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰঙালী বিহুৰ প্রথমটো দিন অর্থাৎ ১৪ এপ্রিলৰ দিনা সেই প্রকল্প দুটাৰ শুভ উদ্বোধন–আধাৰশিলা স্থাপন কৰিব৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে সদৰী কৰি কয় যে ১৪ এপ্রিলৰ বিয়লি ৪.৪৫ বজাত প্রধানমন্ত্রী মোদীয়ে সৰুসজাই ষ্টেডিয়ামৰ পৰা ভার্চুৱেল মাধ্যমেৰে নাহৰকটীয়া সমষ্টিৰ নামৰূপত অসম পেট্র’কেমিকেল্ছ লিমিটেডে সম্পূর্ণ কৰা ৫০০ টিপিটি মিথানল প্রকল্পৰ শুভ উদ্বোধন কৰিব৷ অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত ১,৭০৯ কোটি টকা ব্যয়ৰে স্থাপন কৰা এই উদ্যোগটোত ইতিমধ্যে পৰীক্ষামূলকভাৱে উৎপাদন কৰি চোৱা হৈছে আৰু এতিয়া সম্পূর্ণৰূপে আৰম্ভ হোৱা পর্যায়ত উপনীত হৈছে৷ এই উদ্যোগটোৰ পৰা মিথানল দেশৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্রলৈও বিক্রীৰ নতুন বজাৰ এখন সৃষ্টি হ’ব৷ প্রকল্পটোত অসম চৰকাৰে ৫১ শতাংশ আৰু অইলে ৪৯ শতাংশ যৌথ উদ্যোগত স্থাপন কৰিছে৷ এই প্রকল্পটোৱে উদ্যোগীকৰণত নতুন দিগন্তৰ আৰম্ভণি কৰিব৷ বহুদিন ধৰি অসম চৰকাৰে ৰাজহুৱা খণ্ডত এনে ডাঙৰ প্রকল্প স্থাপন কৰা নাছিল৷ এনআৰএলত ইকুইটী ২৬ শতাংশ শ্বেয়াৰৰ পিছত ঔদ্যোগিক ক্ষেত্রত অসম চৰকাৰৰ এয়া বৃহৎ বিনিয়োগ৷ প্রায় এটা দশকৰ পিছত অসম চৰকাৰে এনে বৃহৎ বিনিয়োগ কৰিছে৷

সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তৃতীয় পদক্ষেপ হিচাপে অসম চৰকাৰে চিটি গেছ লিংকিঙৰ কাম কৰিব৷ অনাগত দিনত কেবিনেটত এই সম্পর্কত সিদ্ধান্ত লোৱা হ’ব৷ চতুর্থ পদক্ষেপ হিচাপে চাৰি হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদনৰ বাবে উত্তৰ প্রদেশ চৰকাৰৰ সৈতে অসম চৰকাৰে বিনিয়োগ কৰিব৷ তদুপৰি কিছুদিনৰ পিছতেই ৰাজ্যত ১৫ হাজাৰ কোটি বিনিয়োগৰ আন এটা পদক্ষেপ গ্রহণ কৰা হ’ব৷ অসমৰ জিডিপি বৃদ্ধি হোৱাৰ বাবে এতিয়া ৰাজ্যখনত বিনিয়োগ অহা আৰম্ভ হৈছে৷ ইপিনে সেই প্রকল্পটোৰ শুভ উদ্বোধনৰ পিছতেই প্রধানমন্ত্রী মোদীয়ে ভার্চুৱেল মাধ্যমেৰে ৰংঘৰৰ সৌন্দর্যবর্ধনৰ কামো আৰম্ভ কৰিব৷ ১০০ কোটি টকা ব্যয় সাপেক্ষে এই সৌন্দর্যবর্ধনৰ কাম আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে ইয়াৰ বাবে প্রয়োজনীয় মাটি চৰকাৰে ৰাইজৰ পৰা সংগ্রহ কৰিছে৷ সম্প্রতি নিবিদা প্রক্রিয়া চলি আছে আৰু ১৪ এপ্রিলৰ ভিতৰত সেয়া সম্পূর্র্ণ হৈ উঠিব৷

ইয়াৰ পিছতেই প্রধানমন্ত্রী মোদীয়ে ব্রহ্মপুত্রৰ ওপৰত পলাশবাৰী–শুৱালকুছ্ সংযোগী দলংখনৰো আধাৰশিলা স্থাপন কৰিব৷ ৩,১৯৭ কোটি টকা ব্যয়ৰে হ’বলগীয়া এই দলংখনৰ নিবিদা প্রক্রিয়াৰ কাম আৰম্ভ হৈছে৷ ভাৰত চৰকাৰৰ নিয়োগ ডেভেলপমেণ্ট বেংকৰ ঋণেৰে হ’বলগীয়া এই দলংখনৰ নির্মাণকার্য সম্পূর্ণ হওঁতে তিনি–চাৰি বছৰ লাগিব৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নাৰেংগী–কুৰুৱা সংযোগী দলংখনৰ কামো এই বছৰতে আৰম্ভ কৰিব পৰা যাব৷ গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ কামো এই বিত্তীয় বছৰৰ শেষত সমাপ্ত কৰাৰ দিশত আগবাঢ়ি আছে৷ এই বছৰত বানপানী নাহিলে অহা ৰঙালী বিহুৰ সময়ত দলংখন সম্পূর্ণ কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটী–উত্তৰ গুৱাহাটী, পলাশবাৰী–শুৱালকুছ্ আৰু নাৰেংগী–কুৰুৱা সংযোগী দলঙকেইখন সম্পূর্ণ হৈ উঠিলে গুৱাহাটীৰ ৰিং ৰোডৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ ক্ষেত্রত আগবাঢ়ি যাব৷

You might also like