নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত মানুহৰ বিহুদিনাই অঘটন; চেলা চাৰিকড়িয়াত সলিল সমাধি ত্ৰৈলোক্য সোণোৱালৰ

নিয়মীয়া বাৰ্তা: ১৫ এপ্ৰিল: ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত চেলাজান কছাৰী গাঁৱৰ ত্ৰৈলোক্য সোণোৱাল (২৪) নামৰ এজন বিবাহিত লোকৰ আজি চেলাচাৰিকড়িয়া নদীত পৰি সলিল সমাধি ঘটাত সমগ্ৰ কেকুঁৰি অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷ ঘটনা মতে কেকুঁৰিৰ ফালৰ পৰা আজি দুপৰীয়া নিজৰ ঘৰলৈ গৈ থকাৰ সময়তে চেলাজান ঘাটত গৰমৰ বাবে সাতুৰি পাৰ হওঁতেই নদীৰ মাজত লোকজন পানীত ডুব যায় ৷ ঘটনাৰ সন্দৰ্ভত সোণাৰি চাপৰি আৰক্ষী চকীত খবৰ দিয়াত সোণাৰি চাপৰি আৰক্ষী আৰু ঢকুৱাখনা মহকুমাৰ অগ্নি আৰু আপদকালীন বিভাগৰ লোকৰ লগতে মাজুলীৰ পৰা এটা ডুবাৰু দল আহি ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও নদীৰ গভীৰতাৰ বাবেই সফল হব পৰা নাই ৷ আনহাতে চেলাজান কছাৰী গাঁও বাসীয়ে যুগ যুগ ধৰি চেলাজান ঘাটত এখন দলং নিৰ্মাণৰ বাবে আবেদন নিবেদন , দাবী দাৱাজ কৰি অহাৰ পিছতো কোনো এখন ৰাজ্য চৰকাৰেই বিষয়টোত গুৰুত্ব নিদিয়াৰ বাবেই অসমীয়াৰ অতি আদৰৰ হেপাহৰ ৰঙালী বিহুৰ দিনাই এনে দুৰ্ঘটনা সংঘটিত হবলৈ পালে বুলি দাবী জনাই চেলাজান ঘাটত দলং নিৰ্মাণ ন’হলে ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে চেলাজান কছাৰী গাঁও বাসীয়ে ৷

 

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like