নাৰায়ণপুৰৰ মাজৰচাপৰী দেউৰী গাঁৱত ইবাঁকু বিচু উপলক্ষে বোকা বিহু উদযাপন
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ আজিৰে পৰা আৰম্ভ হৈছে অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী দেউৰী সকলৰ বহাগ বিহু। বহাগ মাহৰ প্ৰথমটো বুধবাৰে দেউৰী সকলে উৰুকা আৰু বৃহস্পতিবাৰৰ পৰা বিহু পালন কৰে । বহাগ বিহু উপলক্ষে এতিয়া দেউৰী অধ্যুষিত অঞ্চল সমূহত উখল মাখল পৰিবেশ। বিশেষকৈ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিত আছে বহু সংখ্যক দেউৰী গাওঁ। অসমৰ সৰ্ববৃহৎ দেউৰী গাঁও হিচাপে চিহ্নিত বৰদেউৰী গাঁও খন নাৰায়ণপুৰতে অৱস্থিত। এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি দেউৰী পৰিষদৰ মুখ্য কাৰ্যালয়ো আছে নাৰায়ণপুৰতে। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি পুৱা মাজৰচাপৰী দেউৰী গাঁৱত ডেকা গাভৰু, জীয়ৰী বোৱাৰী সকলো মিলি বোকা বিহু খেলা পৰিলক্ষিত হয়। যোৱা ওৰেটো নিশা বিহু মৰাৰ পিছত আজি কাহিলি পুৱাৰ পৰা গাৱঁৰ বৰপূজাৰীৰ ঘৰৰ চোতালত বোকা খেলি, বিহু গাই, নাচি বাগি আনন্দ কৰা পৰিলক্ষিত হয়। আজি দিনটোতে পুৱা দেউৰী সকলে গৰুক গা ধুৱায়। প্ৰতি ঘৰ লোকৰে বয়োজ্যেষ্ঠ সকলে চন্দ্ৰ সূৰ্য্যক সাক্ষী কৰি পূৰ্ব পুৰুষক পূজা অৰ্চনা কৰে। দুপৰীয়া ভাগৰে পৰা প্ৰতিঘৰতে গাহৰি মাংস আৰু চুজে গ্ৰহণ কৰাটো দেউৰী ৰাইজৰ পৰম্পৰাগত ৰীতি। এনেদৰে আজিৰে পৰা এসপ্তাহৰ বাবে দেউৰী ৰাইজে পালন কৰিব দেউৰী বিহু। অহা বৃহস্পতিবাৰে সকলো ৰাইজ মিলি দেওশালত পূজা অৰ্চনাৰ উপৰি নাচি বাগি বিদায় দিব ইবাঁকু বিচু ক। এই বসন্ত উৎসৱটি দেউৰী জনগোষ্ঠীয় লোক সকলে কৃষি ভিত্তিক এক উৎসৱ হিচাপেও গন্য কৰি আহিছে ৷ কৃষিজীৱী জনগোষ্ঠীটোৰ লোক সকলে অতি উলহ মালহেৰে বহাগ বিহু উৎযাপনৰ পিছতে কৃষি কাৰ্যৰ লগত জড়িত হৈ পৰে ।
চন্দন শইকীয়া , ভোগপুৰ