কংগ্রেছৰ বহিষ্কৃত অংকিতা দত্তৰ সৈতে বিজেপিৰ কোনো সম্পর্ক নাইঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: কংগ্রেছৰ পৰা সদ্য বহিষ্কৃত অংকিতা দত্তৰ সৈতে বিজেপিৰ কোনো সম্পর্ক নাই৷ ভৱিষ্যতেও কোনো সম্পর্ক থাকিব বুলি মই নাভাবোঁ৷– নতুন দিল্লীত অতি তাৎপর্যপূর্ণ এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসম প্রদেশ যুৱ কংগ্রেছৰ সভানেত্রী দত্তৰ বহিষ্কাৰ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত নিজৰ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে কংগ্রেছে দলীয় মঞ্চত বিষয়টো সমাধান কৰাটো উচিত আছিল৷ এগৰাকী মহিলা নেত্রী কিম্বা কর্মীৰ গাত কোনোবাই হাত দিয়াৰ যদি কোনোধৰণৰ অভিযোগ আহে, তেনেহ’লে দলৰ মজিয়াত বিষয়টোৰ তদন্ত হ’ব লাগে৷ তেওঁৰ অভিযোগ সঁচা নে মিছা, দলৰ তদন্তকাৰী কমিটীয়ে চাব লাগিছিল৷ মিছা হ’লে তেওঁৰ বিৰুদ্ধে আৰু সঁচা হ’লে যাৰ বিৰুদ্ধে দত্তই অভিযোগ আনিছে, তাক দোষী সাব্যস্ত কৰক৷ তাকে নকৰি তেওঁক বহিষ্কাৰ কৰা হ’ল৷ অর্থাৎ কংগ্রেছে বিষয়টো আইনী ব্যৱস্থাৰ জৰিয়তে সমাধান কৰিব বিচাৰিছে৷ গতিকে আজিৰ পৰা আৰক্ষীয়ে নিজৰ কাম আৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷
তেওঁ পুনৰ কয় যে আমি চাৰি–পাঁচ দিন চাই আছিলোঁ কংগ্রেছে নিজৰ ভিতৰৰ পৰা কিবা ব্যৱস্থা লয় নে নলয়৷ এতিয়া আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিব আৰু তদন্তত নামিব৷ সাংবাদিকৰ উপর্যুপৰি প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ জনায় যে বর্তমান পৰিস্থিতিত দত্তৰ বিজেপিত যোগদানৰ কোনো কথা নাই৷ সঁচাকৈ ক’বলৈ গ’লে, আমাৰ হাতত তেনেকুৱা কোনো প্রস্তাৱেই নাই৷ অদূৰ ভৱিষ্যতে তেনে কোনো সম্ভাৱনা আছে বুলিও মই নাভাবোঁ৷ আনহাতে, এই মুহূর্তত কংগ্রেছৰ কোনো নেতাৰ বাবে বিজেপিত খালী স্থান নথকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চাৰি–পাঁচজনক বাদ দিলে বাকী সকলো কংগ্রেছ নেতাক মাতিলেই বিজেপিত যোগদানৰ বাবে সাজু হৈ আছে৷ বাস্তৱত অসমত কংগ্রেছ বুলি ক’লে বেলেগ কোনো ব্যৱস্থাই নাই বুলি তেওঁ সাংবাদিকৰ আগত কটাক্ষ কৰে৷ আনহাতে, মন্ত্রীসভাত দুজন মন্ত্রীৰ স্থান খালী থকা সন্দর্ভত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাৰ মন্তব্য– মন্ত্রীসভা খালী থাকিবলৈ দিয়ক৷