নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীয়ক আৰক্ষী থানাৰ চৌহদত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰু শিশু ৰোগ পৰীক্ষা শিবিৰ  

নিয়মীয়া বাৰ্তা,২৪ এপ্ৰিল: টীয়ক থানাৰ প্ৰাংগনত দেওবাৰে থানা সমিতিৰ উদ্যোগত  আৰু যোৰহাট চাইট প্লাছ  আই কেয়াৰ চেন্টাৰ, লাহদৈগড়,বামুণপুখুৰী,চেলেং আৰক্ষী চকীৰ গাঁওৰক্ষী বাহিনী আৰু পি এণ্ড হেল্থ কেয়াৰৰ সহযোগত টীয়ক আৰক্ষী থানাৰ চৌহদত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰু শিশু ৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে।টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাঙে শুভাৰম্ভ কৰা এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ডেৰ শতাধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰা হয়।লগতে বিনামূলীয়াকৈ প্ৰয়োজনীয় ঔষধ,চচমা আদি প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটিত থানা সমিতিৰ সভাপতি প্ৰশান্ত বৰা,চিকিৎসক ড:সঞ্জীৱ বৰগোহাঁই,  শিশু বিশেজ্ঞ ড: ধ্ৰৱজ্যোতি বৰা , বাদুলী পুখুৰী গাওঁ ৰক্ষী বাহিনীৰ নিলু খান,থানা সমিতিৰ বিষ়ববীয়া প্ৰমুখ্যে লোক সকল উপস্থিত থাকে।
দিলীপ দত্ত, কাকজান
You might also like