নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰংঘৰ প্ৰকল্পক লৈ গুৰুত্বপূৰ্ণ বৈঠক ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: ঐতিহাসিক ৰংঘৰৰ পার্শ্বৱর্তী এলেকাৰ সৌন্দর্যবর্ধনৰ হেতু ৰাজ্য চৰকাৰে গ্রহণ কৰা এক অভিলাষী প্রকল্পক কার্যকৰী ৰূপ দিয়াৰ লক্ষ্যৰে  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্বপ্ণৰ প্রকল্পটোক আগুৱাই নিয়াৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত শিৱসাগৰ জিলাৰ অন্তর্গত প্রতিটো সমষ্টিৰ বিধায়কসকলো উপস্থিত থাকে৷

উল্লেখ্য যে চলিত বর্ষতে ৰাজ্য চৰকাৰে ৰংঘৰৰ দৰে ঐতিহ্য ক্ষেত্রসমূহক অত্যাধুনিক ৰূপ দিয়াৰ লক্ষ্যৰে গ্রহণ কৰিছিল এক অভিলাষী আঁচনি৷ লোকনির্মাণ বিভাগে এই সন্দর্ভত প্রস্তুত কৰা প্রকল্প অনুসৰি আহোম ৰজাৰ কীর্তিচিহ্ণ ৰংঘৰৰ লগতে ইয়াৰ পার্শ্বৱর্তী ৮৩ বিঘা ভূমি অধিগ্রহণ কৰি নতুন ৰূপত সজাই তোলা হ’ব ৰংঘৰ চৌহদ৷ এক অত্যাধুনিক প্রেক্ষাগৃহ, গেলাৰী, এখন আদর্শ গাঁও নির্মাণৰ বাবে প্রস্তুত কৰা এই প্রকল্প সন্দর্ভত অনুষ্ঠিত আজিৰ বৈঠকত উপস্থিত থাকে মন্ত্রী ডাঃ ৰণোজ পেগু, বিৰোধী দলপতি দেৱব্রত শইকীয়া, স্থানীয় বিধায়ক অখিল গগৈ, আমগুৰিৰ বিধায়ক প্রদীপ হাজৰিকা, সোণাৰিৰ বিধায়ক ধর্মেশ্বৰ কোঁৱৰ, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, সাংসদ পৱিত্র মার্ঘেৰিটা, সাংসদ তপন কুমাৰ গগৈৰ লগতে মুখ্যমন্ত্রীৰ আয়ুক্ত সচিব সমীৰ সিন্হা আৰু লোকনির্মাণ বিভাগৰ শীর্ষ বিষয়াসকল৷

এই বৈঠকতে মুখ্যমন্ত্রীয়ে প্রকল্পটোৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে ইয়াক কিদৰে আগুৱাই নিয়া হ’ব সেই সন্দর্ভত দিহা–পৰামর্শ দিয়ে৷ উল্লেখ্য যে এই প্রকল্পই ৰংঘৰৰ পার্শ্বৱর্তী এলেকাকহে পুৰাতত্ত্ব বিভাগৰ নিয়ম অনুসৰি সামৰি ল’ব৷ ৰংঘৰৰ চৌহদ পূর্বৰ দৰেই অক্ষত আৰু সুউজ্জ্বল হৈ থাকিব৷ এইপর্যন্ত প্রকল্পটোৰ বাবে প্রায় ১২৪ কোটি টকা ধার্য কৰা হৈছে৷

You might also like