নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খঁকুৱা বিষয়া : ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ কাছাৰ কৃষি বিভাগৰ কনিষ্ঠ-ভাৰপ্ৰাপ্ত কাৰ্যকৰী অভিযন্তা

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই অব্যাহত ৰাখিছে দুৰ্নীতি বিৰােধী অভিযান। এইবাৰ নগদ ২০ হাজাৰ টকাৰ উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ হাতত গ্ৰেপ্তাৰ হ’ল কাছাৰৰ কাৰ্যকৰী কৃষি অভিযন্তা  কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা শ্যামাপদ পুৰকায়স্থ। এই দিনা কাৰ্যকৰী কৃষি অভিযন্তা কাছাৰ সংমণ্ডল শিলচৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা সহ  ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা নিৰঞ্জন দাসক উৎকোচ লোৱাৰ অপৰাধত অসম চৰকাৰৰ সঞ্চালকালয়ৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক বিভাগৰ বিষয়াসকলে গ্ৰেপ্তাৰ কৰে। বুধবাৰৰ দিনা  অসম চৰকাৰৰ সঞ্চালকালয়ৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক বিভাগৰ বিষয়াসকলে শিলচৰৰ কাৰ্যকৰী কৃষি অভিযন্তা কাছাৰ সংমণ্ডলৰ কাৰ্যালয়ত কনিষ্ঠ অভিযন্তা শ্যামাপদ পুৰকায়স্থক বহি থকা অৱস্থাত ২০ হাজাৰ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ইফালে, বিভাগীয় ঠিকা আৰু বিল পাছ কৰাৰ নামত অভিযোগকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগত ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা নিৰঞ্জন দাসক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক বিভাগৰ বিষয়াসকলে। এইদিনা শিলচৰৰ মাজমজিয়াত থকা চৰকাৰী কাৰ্যালয়ত দুৰ্নীতি নিবাৰক বিভাগৰ বিষয়াসকলৰ অভিযানৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

প্ৰেৰ গৌতম তালুকদাৰ

You might also like