নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত মৰাপাট খেতিত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত ভখুৰাদিয়াত পথাৰৰ মৰাপাটৰ খেতিত এজন যুৱকৰ মৃতদেহৰ খৱৰে আজি পুৱাৰে পৰা তীব্ৰ চাঞ্চল্য বিয়পায় অঞ্চলজুৰি। কোনোবা অচিনাক্ত লোকে হত্যা কৰি ভখুৰাদিয়া পথাৰত যুৱক এজনৰ মৃতদেহ পেলাই থোৱাৰ অনুমান সকলোৰে। যুৱকজন ভখুৰাদিয়া গাঁৱৰ বিল্লাল হুছেইন নামৰ এজনৰ পুত্ৰ লালচান্দ আলী বুলি চিনাক্ত হয়। স্থানীয় লোকে জানিবলৈ দিয়া মতে মৃত যুৱকজন বিগত তিনি দিন ধৰি সন্ধানহীন হৈ আছিল। দেওবাৰৰ পুৱাৰ ভাগত যুৱকজন ভখুৰাদিয়াৰ মৰাপাট খেতিৰ মাজত মৃত অৱস্থাত পৰি থকাত এগৰাকী কৃষকে খেতি চাবলৈ গৈ প্ৰত্যক্ষ কৰি সেই খৱৰ মুহুৰ্ততে ৰাষ্ট্ৰ হৈ পৰাত ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে। ঘটনাৰ খৱৰ পাই টুপামাৰী আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃতদেহ চমজি লৈ টুপামাৰী আৰক্ষী চকী লৈ নিয়ে। পথাৰৰ মাজত যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱা বুলি অনুমান প্ৰত্যক্ষদৰ্শীৰ ,আনহাতে ডিঙিত দাগ আৰু মুখমণ্ডলত তেজ লাগি থকাৰ বাবেই এয়া হত্যাকাণ্ড বুলি মন্তব্য কৰিছে বহুতেই। পিছে যুৱকজনক কোনে কেনেকৈ আৰু কিহৰ বাবে হত্যা কৰিলে সেয়া সকলোৰে বাবে ৰহস্যৰ বিষয় আনহাতে যুৱকজন এগৰাকী গাড়ীচালক আৰু প্ৰায়ে কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰি থকা বুলিও জনায়। ঈদ বুলি নিজ গৃহত উপস্থিত হোৱা যুৱকজনক মৃত অৱস্থাত দেখি সকলো মৰ্মাহত হৈছে আৰু গই ঘটনাৰ প্ৰকৃত সত্য উলিয়াই ,হত্যাকাণ্ড হ’লে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like