নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজীৱলোচন সন্ত শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ নতুন সত্ৰাধিকাৰ

বিশেষ বাৰ্তা, ৩০ এপ্ৰিলঃ নামনি অসমৰ মহাপুৰুষীয়া ধৰ্মৰ একমাত্ৰ উদাসীন সত্ৰ হিচাবে পৰিচিত শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ দশমগৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰীভগ্নেশ্বৰ মহন্ত বাপজনাৰ ১৯ এপ্ৰিলত বৈকুণ্ঠগামী হয়৷ আজি বাপজনৰ আদ্যশ্ৰাদ্ধ উপলক্ষে সত্ৰ প্ৰাঙ্গণ আয়োজন কৰা হৰিনাম কীৰ্ত্তনত প্ৰায় তিনি সহস্ৰাধিক ভকত -বৈষ্ণৱ আৰু আই-মাতৃয়ে অংশ গ্ৰহণ কৰি সমগ্ৰ সত্ৰ চৌহদ ভক্তিৰসত বুঢ়াই পেলায় ৷ সংগীত নাট একাডেমী বটাঁপ্ৰাপ্ত বৰপেটাৰ গুনীন্দ্ৰ ওজাৰ নামৰ পাঠকে নামৰ দায়িত্ব গ্ৰহণ কৰি দুপটল যুগল প্ৰসংগৰ লগতে কীৰ্ত্তন পুথিৰ পাচটাকৈ ঘোষা ভকত-বৈষ্ণৱ আৰু আই-মাতৃৰ সহযোগত অতি সুন্দৰকৈ পৰিবেশন কৰি এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে৷ নাম প্ৰসংগত অসমৰ কেবাখনো আগশাৰীৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰে ৷ আজি সকলোৱে সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিধান কৰি ডিঙিত গামোচালৈ সত্ৰত প্ৰৱেশ কৰা দৃশ্য সচাকৈয়ে দৰ্শনীয় আছিল৷ নাম প্ৰসংগৰ পিছতে শুৱালকুছিৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতত সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰাজিৱ লোচন সন্তক হাটীসত্ৰৰ একাদশ গৰাকী সত্ৰাধিকাৰ হিচাবে নাম প্ৰসংগত উপস্থিত থকা সত্ৰাধিকাৰসকলে অভিষেক কৰি নতুন সত্ৰাধিকাৰগৰাকীক সত্ৰৰ যথা নিয়ম অনুযায়ী মালা নিৰ্মালি প্ৰদান কৰে ৷ ইয়াৰ পিছতে নিৰ্মাল্য আৰু প্ৰসাদ বিতৰণ কৰা হয় ৷ ইয়াৰ পূৰ্বে পুৱা গছপুলি ৰোপন কৰে ছত্ৰশালৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ প্ৰধানীয়ে ৷ দুপৰীয়া অনুষ্ঠিত হয় ভোজন বিহাৰ ঝুমুৰা, আবেলি ওজাপালি, মহিলাৰ থিয়নাম আৰু নিশা অনুষ্ঠিত হয় অঙ্কীয়া ভাওনা ৷ ৭ মেৰ দিনৰ ১১.৩০ বজাৰ পৰা আৰম্ভ হব সিদ্ধান্ন গ্ৰহণ অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত সকলো বাপ-বান্ধৱ, আই-মাতৃ, শুভাকাংক্ষী, শোকৰ সমভাগী হোৱা সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষক উপস্থিত থাকি অংশ গ্ৰহণ কৰাৰ বাবে সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই অনুৰোধ জনাইছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like