বকোৰ দিলিঙ্গা নৱ যুৱক সংঘৰ উদ্যোগত মুকলি ভলীবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল
নিয়মীয়া বাৰ্তা ; ১ মে’ – ক্ৰীড়া আৰু ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰিবলৈ প্ৰতি বছৰে কামৰূপ জিলাৰ বকোৰ দিলিঙ্গাত আয়োজন কৰা হয় ভলীবল প্ৰতিযোগিতাৰ। সেই লক্ষ্যৰে বিগত বছৰবোৰৰ দৰে এই বৰ্ষত দশম সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰে মুকলি ভলীবল প্ৰতিযোগিতাৰ। দিলিঙ্গা নৱ যুৱক সংঘৰ সভাপতি মিলন কুমাৰ দাস আৰু সম্পাদক কাণু ৰাভাই জনোৱা মতে ; এই বৰ্ষৰ ভলীবল প্ৰতিযোগিতা খন যোৱা কালি ৩০ এপ্ৰিল আৰু আজি ১ মে’ত আয়োজন কৰা হৈছে।দিলিঙ্গা নৱ যুৱক সংঘৰ খেল পথাৰত আয়োজন কৰা ভলীবল প্ৰতিযোগিতা খন সংঘৰ পতাকা উত্তোলন কৰি সভাপতিয়ে শুভাৰম্ভ কৰে। ইফালে খেল পৰিচালনা কৰে জিলা পৰ্যায়ৰ পৰিচালক ধনঞ্জয় ৰাভা আৰু জ্যোতিষ ৰাভাই। খেল খনত অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী ; পদ্মপুৰ শিলোবড়ী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিষ্ণু ৰাম কলিতা ; দিলিঙ্গা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ চন্দ্ৰ দাস ; বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰয় ; সহযোগ আগবঢ়াই যুৱ সমাজ কৰ্মী পবিত্ৰ কুমাৰ দাস ; মাধৱ দাসকে ধৰি বহু সংখ্যক খেলুৱৈ আৰু শুভাকাংশীয়ে। চূড়ান্ত খেলত প্ৰতিদ্বন্দিতা কৰে খেনাপাৰা ভলীবল দ’ল বনাম কৈমাৰী ভলীবল দলে। চূড়ান্ত খেলত খেনাপাৰা ভলীবল দ’ল জয়ী হৈ খিতাপ অৰ্জন কৰে লগতে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় খেনাপাৰাৰ অমৰজ্যোতি ৰাভা। খেলৰ শেষত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।