শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ভগ্নেশ্বৰ মহন্তৰ আদ্যশ্ৰাদ্ধ
- ভক্তিৰসত বুৰ গল সত্ৰ চৌহদ
- ডেকা সত্ৰাধিকাৰ ৰাজীৱলোচন সন্তক সত্ৰাধিকাৰৰ দ্বায়িত্ব অৰ্পণ
নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ নামনি অসমৰ মহাপুৰুষীয়া ধৰ্মৰ একমাত্ৰ উদাসীন সত্ৰ হিচাবে পৰিচিত শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰৰ দশম গৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰীভগ্নেশ্বৰ মহন্ত বাপজনাৰ ১৯ এপ্ৰিলত বৈকুণ্ঠগামী হয় ৷ আজি বাপজনৰ আদ্যশ্ৰাদ্ধ উপলক্ষে সত্ৰ প্ৰাঙ্গণ আয়োজন কৰা হৰিনাম কীৰ্ত্তনত প্ৰায় তিনি সহস্ৰাধিক ভকত -বৈষ্ণৱ আৰু আই-মাতৃয়ে অংশ গ্ৰহণ কৰি সমগ্ৰ সত্ৰ চৌহদ ভক্তিৰসত বুঢ়াই পেলায় ৷ সংগীত নাট একাডেমি বটাঁপ্ৰাপ্ত বৰপেটাৰ গুনীন্দ্ৰ ওজাৰ নামৰ পাঠকে নামৰ দ্বায়িত্ব গ্ৰহণ কৰি দুপটল যুগল প্ৰসংগৰ লগতে কীৰ্ত্তন পুথিৰ পাচটাকৈ ঘোষা ভকত-বৈষ্ণৱ আৰু আই-মাতৃৰ সহযোগত অতি সুন্দৰকৈ পৰিবেশন কৰি এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে ৷ নাম প্ৰসংগত অসমৰ কেবাখনো আগশাৰীৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰে ৷ আজি সকলোৱে সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিধান কৰি ডিঙিত গামোচালৈ সত্ৰত প্ৰৱেশ কৰা দৃশ্য সচাকৈয়ে দৰ্শনীয় আছিল ৷ নাম প্ৰসংগৰ পিছতে শুৱালকুছিৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতত সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰাজিৱ লোচন সন্তক হাটীসত্ৰৰ একাদশ গৰাকী সত্ৰাধিকাৰ হিচাবে নাম প্ৰসংগত উপস্থিত থকা সত্ৰাধিকাৰ সকলে অভিষেক কৰি নতুন সত্ৰাধিকাৰ গৰাকীক সত্ৰৰ যথা নিয়ম অনুযায়ী মালা নিৰ্মালী প্ৰদান কৰে ৷ ইয়াৰ পিছতে নিৰ্মাল্য আৰু প্ৰসাদ বিতৰণ কৰা হয় ৷ ইয়াৰ পূৰ্বে পুৱা ৭-৩০ বজাত গছপুলি ৰোপন কৰে ছত্ৰশালৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ প্ৰধানীয়ে ৷ দিনৰ ১-৩০ বজাত অনুস্হিত হয় ভোজন বিহাৰ ঝুমুৰা, আবেলি ২-৩০ বজাত ওজাপালি, ৪-৩০ বজাত মহিলাৰ থিয়নাম আৰু নিশা অনুস্হিত হয় অঙ্কীয়া ভাওনা ৷ অহা ৭ মেত দিনৰ ১১-৩০ বজাৰ পৰা আৰম্ভ হব সিদ্ধান্ন গ্ৰহণ অনুস্হান ৷ উক্ত অনুস্হানত সকলো বাপ- বান্ধাৱ, আই-মাতৃ, শুভাকাংক্ষী, শোকঁৰ সমভাগী হোৱা সকলো অনুস্হান-প্ৰতিস্টান, ব্যক্তি বিশেষক উপস্থিত থাকি অংশ গ্ৰহণ কৰাৰ বাবে সত্ৰাধিকাৰ ৰাজিৱ লোচন সন্তই অনুৰোধ জনাইছে ৷
দিলীপ মেধি, শুৱালকুছি ৷