নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ হাতিমুৰাৰ বিহুত অঘটন! আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠান পৰিৱেশন নকৰিলে শিল্পীৰ বাদ্য যন্ত্র ভাঙি দিয়াৰ হুংকাৰ!

 

 

 

নিয়মীয়া বাৰ্তা,১মেঃ পুনৰ কন্ঠ শিল্পীলৈ ভাবুকি। অনুষ্ঠান পৰিৱেশন নকৰিলে শিল্পীৰ বাদ্য যন্ত্র ভাঙি দিব বুলি কৰা এক মন্তব্যক লৈ এতিয়া তোলপাৰ সমগ্ৰ ৰাজ্য।ডিব্ৰুগড়ৰ হাতিমুৰা গাওঁত বিহু অনুষ্ঠানত কালি নিশা সুন্দৰকৈ বহু সময় গীত পৰিৱেশন কৰাৰ পাছত কন্ঠ শিল্পী আচুৰ্য বৰপাত্ৰই সামৰণি মাৰিছিল।ইয়াতে যেন খৰ্গহস্ত হৈ পৰে বিহুবলীয়া ৰাইজ।গুৱাহাটীৰ পৰা আহি অনুষ্ঠান পৰিৱেশন কৰিছিল আচুৰ্যই,সেয়ে বহু নিশালৈ গীত গাই ভাগৰুৱা অনুভৱ কৰিছিল।তাৰ মাজতে তেওঁ হঠাৎ অনুষ্ঠান সামৰি দিয়াৰ সিদ্ধান্ত লোৱাত উপস্থিত ৰাইজ অকণমান অসন্তুষ্ট হ’ল।ৰাইজৰ প্ৰবল অনুৰোধ আছিল অনুষ্ঠান আৰু দীঘলীয়া কৰাৰ।অনুষ্ঠান সামৰণি কৰাৰ সময়তে আচুৰ্যই অনুষ্ঠান দীঘলীয়া নকৰিলে কোনো লোকে বাদ্য যন্ত্র ভাঙি দিম বুলি ভাবুকি দিয়াৰ পাছতেই পৰিৱেশ উতপ্ত হৈ পৰে।এই বিষয়ে উদযাপন সমিতিয়ে আনৰ মুখেৰেহে শুনিছিল,আচুৰ্যই নিজে কোৱা শুনা নাছিল বুলি আজি এক সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰে।অৱশ্যে আওপকীয়াকৈ উদযাপন সমিতিয়ে সমগ্র ঘটনাৰ বাবে ক্ষমাও খুজিল।কিন্তু উদযাপন সমিতিৰ প্ৰতিজনে কলে যে তেওঁলোকে নিজাকৈ শুনা নাই তেনে মন্তব্য।উল্লেখ্য যে
যোৱা নিশা ডিব্ৰুগড় হাতীমুৰাত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনত কন্ঠ শিল্পী আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানত উৎযাপন সমিতিৰ একপ্ৰকাৰ মইমতালিৰ অভিযোগ উঠিছিল।
কণ্ঠ শিল্পী জনে অনুষ্ঠান সামৰাৰ পাছতো অতিৰিক্ত সময় গীত গাবলৈ বাধ্য কৰিছিল উৎযাপন সমতিৰ একাংশই।অতিৰিক্ত সময় গীত পৰিৱেশ নকৰিলে কণ্ঠ শিল্পী গৰাকীৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি আহিছিল মঞ্চত উপস্থিত একাংশৰ মাজৰ পৰাই।যাক লৈ কন্ঠ শিল্পী আচুৰ্যই ভীষণ দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল।
লক্ষনীয় যে সেই সময়তে মঞ্চত দেখা গৈছিল
বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা ডিব্ৰুগড় জিলাৰ উপ-সভাপতি তথা ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে বিজেপিৰ খনিকৰ মণ্ডলৰ সভাপতি
ৰাহুল দেৱ সোণোৱালকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক।স্বাভাৱিকতে কালি সংঘটিত এনে অপ্ৰিতীকৰ ঘটনাই সকলোতে বেচ চৰ্চা লভিছে।একে নিশাই নলবাৰীৰ বিহু মঞ্চত কন্ঠ শিল্পী কল্পনা পটোৱাৰীকো অপমান কৰা কাৰ্যত ৰাজ্যৰ শিল্পী সমাজে যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like