ঢোল পেপাৰ গগনাৰ মাতে মুখৰিত মৰিগাওঁ সাংবাদিক সমাজৰ বসন্ত উৎসৱ
- স্মৃতিগ্ৰন্থ “বৰ্হমথুৰি” উন্মোচন
- মৰিগাঁৱৰ চাৰিগৰাকী প্ৰবীণ সাংবাদিকক বিশেষ সম্বৰ্ধনা জ্ঞাপন মৰিগাঁও সাংবাদিক সমাজৰ
- উজনি নামনি অসমৰ জনপ্ৰিয় বিহুদলৰ দ্বাৰা মুকলি বিহু প্ৰদৰ্শন
নিয়মীয়া বাৰ্তা,১ মে’– ঢোল পেপাৰ গগনাৰ মাতে মুখৰিত হৈ পৰে আজি মৰিগাঁও সাংবাদিক সমাজৰ বসন্ত উৎসৱত। ৰাজ্যৰ কেইবাটাও আগশাৰী বিহু দলে অংশ গ্ৰহণ কৰা মৰিগাঁও সদৰ বিহুতলিত এদিনীয়া বৰ্ণাঢ্য আৰু বৰ্ণিল কাৰ্যসূচীৰে উদযাপিত হয় “বসন্ত উৎসৱটো। এই উপলক্ষে পুৱা বিহু পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি অজিত শৰ্মাই। ছহিদ তৰ্পণ কৰে বসন্ত উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জিতুমনি নাথ আৰু ৰাতুল ডেকাই। ইয়াৰ পিছতেই উদযাপন সমিতিৰ সম্পাদক মানবেন্দ্ৰ দেৱনাথ আৰু বিকাশ ডেকাৰ লগতে বিষয় ববীয়া সকলে মৰিগাঁও জিলাৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃত্বক আদৰণি জনাই। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই বিহুৰ স্বকীয়তাৰ ওপৰত বিস্তৃত ভাৱে ভাষণ প্ৰদান কৰে।দিনৰ ভাগত উদযাপন সমিতিয়ে মৰিগাঁও পদপথৰ বহু আৱাসীক অন্ন-বস্ত্ৰ দান কাৰ্যসূচী সমাপন কৰে। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হয় মুকলি বিহু।তেজপুৰৰ থেচপিয়ান কৃষ্টি দল,শিৱসাগৰৰ জাজী পৰিয়া বিহু দল,চতুৰ্থ অসম আৰক্ষী বাহিনীৰ বিহু দল, মৰিগাওঁ জাংফাই বিহুৱা দল,মাৰ্কাংকুছি তিৱা নৃত্য দলকে আদি কৰি ৰাজ্যৰ কেইবাটাও আগশাৰী বিহু দলে অংশ গ্ৰহণ কৰা মুকলি বিহু প্ৰদৰ্শন শুভ উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে। লগতে অতিথি শিল্পী হিচাপে অংশ গ্ৰহণ কৰে অভিনেত্ৰী স্নিগ্ধা গগৈ। মুকলি বিহু অনুষ্ঠানতেই বসন্ত উৎসৱ উদযাপন সমিতিয়ে জগদীশ নাথ আৰু জিতুমনি নাথৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “বৰ্হমথুৰি” উন্মোচন কৰি তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। উক্ত অনুষ্ঠানত মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী,উপ-পৌৰপতি পিংকুমণি দাসৰ লগতে মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীভ লাল বৰুৱা, উপ-আৰক্ষী অধীক্ষক মৌচুমী দাস,মৰিগাঁও ৰাজহ চক্ৰ বিষয়া হৃদয় কুমাৰ দাস, পৰিবহণ বিষয়া বাপন কলিতা,যোগান বিভাগৰ পৰিদৰ্শক বিচিত্ৰ কুমাৰ নাথকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তদুপৰি মৰিগাঁৱৰ চাৰিগৰাকীকৈ প্ৰবীণ সাংবাদিক ক্ৰমে –ড০ নৱকান্ত বৰদলৈ,মহেন্দ্ৰ নাথ হাজৰিকা,উপেন চন্দ্ৰ ডেকা আৰু বুবুমণি গোস্বামীক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা লগতে আমন্ত্ৰিত অতিথি সাংবাদিক হিচাপে উপস্থিত থাকে মানসজ্যোতি বৰুৱা,মানস প্ৰতিম ডেকা আৰু ভাস্কৰ জ্যোতি হাজৰিকা। সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক বিৰিঞ্চি কুমাৰ শৰ্মাই। ইফালে,সন্ধিয়া ৮বজাত অনুষ্ঠিত হ’বলগীয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলী দাসৰ সংগীতানুষ্ঠান শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।