নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত ব’হাগী উৎসৱ আৰম্ভ; ৩ মে’ত হাৰ্টথ্ৰৱ জুবিনৰ সংগীতানুষ্ঠান
নিয়মীয়া বাৰ্তা, ২ মে’: মাজুলীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা উজনি মাজুলীৰ নতুন বজাৰ বিহুতলীত অনুষ্ঠিত হৈছে ব’হাগী উৎসৱ । ব’হাগী উৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ৬ বজাত সামূহিক চাফাইৰ অন্তত পতাকা উত্তোলন কৰে নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ সভাপতি ডিম্বেশ্বৰ খনিকৰে। ইয়াৰ পিছতে পুৱা ৮ বজাত সমিতিৰ উপদেষ্টা সুনীল কুমাৰ দলে আৰু ৰাম আচৰে বাৰ্মাই গছপুলি ৰোপন আৰু ৯ বজাত স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক নিতুল সেনাপতিয়ে। পুৱা ১০ বজাৰ পৰা ছাত্ৰ–ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন আৰু ভেশছন প্ৰতিযোগিতা । মাজুলীৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক ছাত্ৰ–ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাত (ক শাখা) প্ৰথম স্থান অনুৰাজ পেগু, দ্বিতীয় স্থান স্মেহাৰাণী শইকীয়া, তৃতীয় স্থান চান্দিনী আগৰৱালা আৰু খ শাখাত প্ৰথম স্থান প্ৰিয়াক্ষী কুম্বাং, দ্বিতীয় স্থান কৌশিকজ্যোতিলকলিতা, তৃতীয় স্থান কপিল কিষাণ বৰা নিৰ্বাচিত হয়। । অন্যহাতে ভেশছন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে চান্দিনী আগৰৱালা, দ্বিতীয় স্থান সুমন্ত খনিকৰ আৰু তৃতীয় স্থান লাভ কৰে বিৰিঞ্চি দত্তই। অন্যহাতে আবেলি ৪ বজাৰ পৰা সৰু বিহুৱতী আৰু সন্ধ্যা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত হুঁচৰি বিহু প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কুৰিৰো অধিক প্ৰতিযোগী আৰু হুঁচৰি দলে অংশগ্ৰহণ কৰে । ব’হাগী উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি ৩ মে’ৰ পুৱা ৭ বজাত সামূহিক চাফাইৰ অন্তত ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব জেং বিহু আৰু মিচিং দলীয় বিহু প্ৰতিযোগিতা। সন্ধ্যা ৬ বজাত বঁটা বিতৰণী সভাৰ পিছতে ৭ বজাৰ পৰা অনুষ্ঠিতৱ হ’ব লগা সাংস্কৃতিক অনুষ্ঠানত অসমবাসীৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু জনপ্ৰিয় কণ্ঠশিল্পী নিলোৎপল বৰাৰ গীতে জীপাল কৰিব নতুন বজাৰ বিহু বাকৰি ।
ৰূপজ্যোতি বৰা, নতুন বজাৰ