নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ উচ্চতম ন্যায়ালয়ত মহিলা সেনা পুৰুষতকৈ শাৰীৰিকভাৱে দুর্বল বুলি কেন্দ্রীয় চৰকাৰে এক নথি দাখিল কৰা বিষয়টোত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কেইবাগৰাকীও মহিলা বিষয়াই৷ মহিলা সেনা বিষয়াসকলে কেন্দ্রৰ এনে মানসিকতাক গৰিহণা দি কৈছে যে সেনাৰ ভিতৰতে এয়া এক চৰকাৰৰ বৈষম্যমূলক আচৰণ সৃষ্টিৰ নজিৰ৷ এক পশ্চাদগামী মানসিকতাৰ পৰিচয় কেন্দ্রীয় চৰকাৰে দি অহা বুলি অভিযোগ কৰিছে মহিলা সেনা বিষয়া সকলে৷ উল্লেখ্য যে চৰকাৰৰ এনে মন্তব্যক প্রত্যাহ্বান জনাই মহিলা বিষয়াসকলৰ হৈ শীর্ষ আদালতখনত লিখিত আবেদন দাখিল কৰিছে জ্যেষ্ঠ অধিবক্তা ঐশ্বর্য ভাটিয়ে৷